গুৱাহাটী : দেওবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীত জাক জাক মৃত মাছ ওপঙি থকা দেখিবলৈ পোৱা যায়। দীঘলীপুখুৰীৰ পানীত মাছ ওপঙি থকা বিষয়টো চকুত পৰাৰ লগে লগে আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় কৰ্তৃপক্ষক দিঘলীপুখুৰী পৰিদৰ্শন কৰি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
বিভাগীয় বিষয়াসকলে মৃত মাছ আৰু পুখুৰীৰ পানীৰ নমুনা পৰীক্ষা কৰি নিৰূপণ কৰে যে জলাধাৰত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে অত্যধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হোৱাৰ ফলত মাছৰ মৃত্যু ঘটে। মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰে, “ হঠাৎ অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে মাত্ৰাধিক জৈৱিক পদাৰ্থৰ বাবেই মাছসমূহৰ মৃত্যু হয়। বিভাগীয় বিষয়াসকলে পৰীক্ষা কৰি পাইছে যে কোনো বিষ মিহলোৱা বাবে মাছৰ মৃত্যু হোৱা নহয়, বৰঞ্চ পৰিৱেশ অৱক্ষয়ৰ ফলতহে হৈছে।“
লগতে পঢ়ক : ভেকচিন নোলোৱা আশা-অঙ্গণবাড়ী কৰ্মীৰ পাৰিতোষিক বন্ধৰ নিৰ্দেশ মুখ্য সচিবৰ
তৎকালীনভাৱে পানীৰ পাম্প আৰু নৌকাৰ সহায়ত বিভাগে পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে মহানগৰীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰী বিগত কেইবামাহ ধৰি বন্ধ হৈ আছে। দেওবাৰে পুৱাৰ ভাগত পুখুৰীৰ পানীত শ শ মাছ মৃত অৱস্থাত ওপঙি থকা প্ৰত্যক্ষ কৰে কেইজনমান স্থানীয় লোকে। ইয়াৰ পিছতে প্ৰশাসন আৰু মীন বিভাগৰ লোক দীঘলীপুখুৰীত উপস্থিত হৈ মৃত মাছ সমূহ পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰে