গুৱাহাটীঃ ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি ৫টা অসমীয়া মুছলিম উপগোট গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সৰ্বত্ৰে আদৰণী জনোৱা হৈছে।  এই পদক্ষেপে স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত সৰ্বাংগীন বিকাশ নিশ্চিত কৰিব। এতিয়া জানো আহক গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দ সকল কোন হয়?

অসম এখন এনেকুৱা ৰাজ্য য’ত যুগ যুগ ধৰি বিভিন্ন ধৰ্ম, জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। মুছলমানসকল এই অসমভূমিৰ এক অবিচ্ছেদ্য অংশ। চৈয়দ, গৰীয়া, মৰিয়া, দেশী আৰু জলহা হিচাপে অসমীয়া মুছলমানসকলৰ ৫টা গোট আছে।

প্ৰায় ১৬৩০ খ্ৰীষ্টাব্দত চুফীবাদৰ আদৰ্শৰে পৰিচালিত মুছলমানৰ প্ৰচাৰক আৰু সংস্কাৰকৰ এটা দলে টাইগ্ৰীছৰ নদীৰ পাৰৰ পৰা যাত্ৰা কৰি ইৰাক আৰু আফগানিস্তানৰ মাজেৰে আহি কাবুল আৰু পেছাৱাৰক সংযোগ কৰা খাইবাৰ পাছৰ মাজেৰে আহি ভাৰতত প্ৰৱেশ কৰিছিল। দলটিয়ে পিছলৈ অসমত প্ৰৱেশ কৰি অসমীয়া ভাষা আয়ত্ব কৰিছিল আৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ সৈতে পৰিচিত হৈছিল।

১৬১৫ চনৰ পৰা ১৬৮২ চনৰ ভিতৰত মোগলে অসমত ১৭ বাৰ আক্ৰমণ কৰিছিল। সেইসময়ত মোগলৰহৈ যুজঁ দিয়া বহু সৈন্য যুদ্ধবন্দী হৈ পৰিছিল। আহোম ৰজাই সেই সৈনিকসকলক অসমত থকাৰ অনুমতি দিছিল। ইয়াৰে বহুতো লোক বৰ্তমান বংগৰ প্ৰাচীন ৰাজধানী গৌড়ৰ আছিল, সেই সূত্ৰেই তেওঁলোকে ‘গৰিয়া’ নামটো পাইছিল।এই লোকসকলে অসমত বসতি স্থাপন কৰি স্থানীয় মহিলাৰ লগত  বিবাহপাশত আৱদ্ধ হৈ লাহে লাহে অসমীয়া সমাজৰ অংশ হৈ পৰিছিল।

১৫৩০ চনত আহোম ৰজা চুহুংমুঙৰ শাসনকালত তুৰ্বাক খানৰ পৰাজয়ৰ পিছত নগাঁও জিলাৰ কলিয়াবৰৰ ওচৰত প্ৰায় ১০০০ যুদ্ধবন্দী সৈনিকৰ বসতি স্থাপন কৰা হয়। এই সৈনিক সকলে পিছলৈ স্থানীয় অসমীয়া মহিলাক বিয়া কৰাইছিল আৰু মৰিয়া নামেৰে জনাজাত হৈছিল।

দেশী সকল অসমত প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলৰ ভিতৰত অন্যতম বুলি বিশ্বাস কৰা হয়। দেশীসকল প্ৰাৰম্ভিক মুছলমানসকলৰ বংশধৰ বুলি বিশ্বাস কৰা হৈছিল যিসকলে যুদ্ধৰ পিছত ইয়াতে বসবাস কৰিছিল আৰু স্থানীয় ছোৱালীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

জলহা (জোলহা বা জোলাহা বুলিও কোৱা হয়) হৈছে পূৱ অসমৰ কিছু অংশত বসবাস কৰা মুছলমান সকলৰ এটা সৰু সম্প্ৰদায়। এওঁলোক আদিবাসী সকলৰ পৰা  ধৰ্মান্তৰিত হোৱা বুলিও বিশ্বাস কৰা হয়। সম্প্ৰদায়টোৰ অসমলৈ প্ৰব্ৰজন ঘটাৰ দুটা পৰ্যায় আছিল। প্ৰথমতে আহোম ৰজাৰ সময়ত তেওঁলোকক শিপিনী হিচাপত কাম কৰিবলৈ লৈ অনা হৈছিল। আৰু দ্বিতীয়টো হ’ল উনবিংশ শতিকাৰ শেষৰ ফালে যেতিয়া ব্ৰিটিছ চাহ খেতিয়ক সকলে চাহ বাগিচাত কাম কৰিবলৈ বহু সংখ্যক জুলহা সম্প্ৰদায়ৰ লোক লৈ আহিছিল।

গৰীয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ মুছলমানসকল পৰিচয় সংকটত ভোগা আৰু উন্নয়নৰ সুফলসমূহৰ পৰা সম্প্ৰদায়টোৰ লোকসকল বঞ্চিত হৈ থকা বুলি দীৰ্ঘসময় ধৰি উত্থাপিত হৈ আহিছে। সেয়েহে পূৰ্বৰ সোণোৱাল চৰকাৰে এইক্ষেত্ৰত বিশেষ আচঁনি লৈ সম্প্ৰদায়টোৰ সামগ্ৰিক উন্নয়নৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লোৱাৰ প্ৰয়োজন অনুভৱ কৰা বুলি কৈছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত যোৱা ৪ জুলাই তাৰিখে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত আলাপ- আলোচনা– ধৰ্মীয় সংখালঘুসকলৰ সবলীকৰণ` শীৰ্ষক এক বিশেষ অনুষ্ঠানত অসমৰ ‘খিলঞ্জীয়া’ মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা ডেৰশগৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হৈছিল। আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘খিলঞ্জীয়া’ মুছলমানসকলক বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি নিজস্ব সাংস্কৃতিক পৰিচয় অটুট ৰাখি ৰাজ্যখনৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰাকৈ ‘খিলঞ্জীয়া’ মুছলমানসকলৰ বিকাশৰ প্ৰক্ৰিয়াটোক তৰান্বিত কৰি তুলিব লাগিব বুলি উল্লেখ কৰিছিল।

সেয়ে ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিভিন্ন সমস্যা, যেনে- শিক্ষা, স্বাস্থ্য, দক্ষতা উন্নয়ন, সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, মহিলা সবলীকৰণ, জনসংখ্যা নিয়ন্ত্ৰণ আদি বিষয়ত অধ্যয়নৰ বাবে সম্প্ৰদায়টোৰ প্ৰতিনিধিসকলক লৈ আঠটা উপ-গোট গঠন কৰে আৰু কেবিনেট বৈঠকে এই পাঁচটা অসমীয়া মুছলিম উপগোটক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply