লখিমপুৰ জিলাৰ খেৰাজখাত জিলা পৰিষদৰ ১ নং মটীয়া অঞ্চলৰ জিলা পৰিষদৰ অন্তৰ্গত এটা চেনেল কাটিংৰ কাম কৰি থকাৰ সময়তে ১৪ কি:গ্ৰা:ৰ ওজনৰ এটা কাছ উদ্ধাৰ হয়৷
কিছু আঘাত প্ৰাপ্ত অৱস্থাত পোৱা কাছটো স্থানীয় ৰাইজে যথেষ্ট প্ৰতিপালন কৰাৰ অন্তত লক্ষীমপুৰ জিলা পৰিষদৰ উপাধ্যক্ষা ৰূপা পাঠক নেওগৰ তত্বাৱধানত হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ বনপালক ৰাতুল মহন্ত আৰু মানস প্ৰতীম গোস্বামীৰ উপস্থিতিত মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত এৰি দিয়া হয় কাছটো৷
এই ক্ষেত্ৰত সহযোগ কৰে স্থানীয় যুৱক জিতু শইকীয়া, জয়ন্ত বৰা আৰু দিলীপ শইকীয়াই৷