শিলচৰ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শিলচৰত ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটি, শিলচৰৰ এটা বহুমুখী ভৱনৰ নির্মাণ কার্য ভূমি পূজনেৰে শুভাৰম্ভ কৰে।‌ এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰেডক্ৰছ ছ’চাইটিৰ এক ঐতিহ্য আছে। মাদাৰ টেৰেছাৰ হাতেৰে ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটি, শিলচৰৰ কাম কাজ আৰম্ভ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সংস্থাই বৰাক উপত্যকাৰ জনসাধাৰণলৈ দীর্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে।

পাঁচ মহলীয়া এই ভৱনটো নির্মাণ হৈ উঠিলে অঞ্চলটোৰ ৰাইজলৈ আৰু অধিক ফলপ্রসূ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে ইতিমধ্যে এই ভবনটো নিৰ্মাণৰ বাবে ৫০ লাখ টকা আগবঢ়াইছে আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ৫০ লাখ টকা আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে। এক দাতব্য চিকিৎসা সেৱা সংস্থা হিচাপে এই অনুষ্ঠানটোৱে দুখীয়া আৰু আৰ্তজনলৈ মানৱীয় দৃষ্টিভংগীৰে সেৱা আগবঢ়াব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে পৃথিৱীজুৰি হােৱা ক’ভিড মহামাৰীৰ পিছত স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়ন প্রয়ােজনীয়তা সকলােৱে উপলদ্ধি কৰিবলৈ সক্ষম হৈছে। এই ভাইৰাছে বিশ্ব অর্থনীতি, সমাজনীতি, ৰাজনীতি আদি সকলাে দিশতে নেতিবাচক প্রভাৱ পেলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে।

লগতে পঢ়ক :  উৎকট গৰমৰ পৰা ৰাজ্য়বাসীয়ে কিছু পৰিমাণে পাব সকাহ

সেইবাবে ভাৰতৰ বহু ৰাজ্যতকৈ অসমৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি অধিক উন্নত বুলিও তেওঁ কয়। ভবিষ্যতে হ’ব পৰা প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ আমি প্রতি মুহূর্ততে সাজু থাকিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। বিধায়ক দ্বিপায়ন চক্রবর্তীয়ে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত সাংসদ ৰাজদ্বীপ ৰয়, উপায়ুক্ত কীর্তি জালি আৰু ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটিৰ ৰাজ্যিক শাখাৰ সাধাৰণ সম্পাদক দিগন্ত বুজৰবৰুৱাইও ভাষণ প্রদান কৰে। অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ পল্লব লােচন দাস, বিধায়কদ্বয় কৌশিক ৰায় আৰু মিহিৰ কান্তি সােম প্রমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply