আজি যোৰহাটৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ উদ্যোগত বিশ্ব বিদ্যালয় প্ৰাংগনত উত্তৰ পূৱ আঞ্চলিক কৃষি মেলা আৰম্ভ হয় | মেলা খন উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই। এই উদেশ্যে আয়োজিত সভাত মন্ত্ৰী অতুল বৰা,ৰাজ্য সভা সাংসদ কামাখ্যা প্ৰসাদ তাচা,বিধায়ক ভবেন ভৰালী,ভাস্কৰ বৰুৱা উপস্থিত থাকে।

উদ্বোধনী ভাষন আগবঢ়ায় কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বিদ্যুত চন্দন ডেকাই।
মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা তাচাই কৃষি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহন কৰা পদক্ষেপ আৰু আৰু অনাগত দিনত প্ৰয়োজনীয় লব লগীয়া পদক্ষেপ সম্পৰ্কে ভাষণ আগবঢ়ায়।


এই মেলাত অসমৰ লগতে উত্তৰ পূৱৰ বহু কৃষকে অংশ গ্ৰহন কৰে। বহু কেইজন আদৰ্শ কৃষকক মান পত্ৰ আৰু নগদ ধনৰে পুৰস্কৃত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply