নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বানৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীতো বিভিন্ন স্থানত কৃত্ৰিম বানৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। বৰ্তমানেও মহানগৰীৰ বহু পথত বৃষ্টিপাতৰ ফলত কৃত্ৰিম বান সৃষ্টি হৈছে, যাৰ ফলত যাতায়ত ব্যৱস্থা এক প্ৰকাৰে স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।
যোৱা কিছুদিনৰ পৰা হৈ থকা বৰষুণৰ ফলত গুৱাহাটীৰ বাট-পথত কৃত্ৰিম বান হোৱাৰ লগতে বহু বাসগৃহৰ ভিতৰত সোমাইছে পানী। ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটীত জাৰি কৰিছে য়েল্ল’ এলাৰ্ট। ১৬ আৰু ১৭ মে’ত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

এই দুটা দিনত গুৱাহাটীত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আনহাতে, এই দুটা দিনত গুৱাহাটীবাসীক ভূমিস্খলনৰ সম্ভাৱনা থকা এলেকাৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।