নিউজ ডেস্ক: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে নামভৰ্তিৰ বাবে দৰ্পণ নামৰ এটা পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এক জাননীৰ জৰিয়তে সংসদে প্রকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল অথবা উচ্চতৰ মাধ্যমিক স্কুলত উচ্চ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে দৰ্পণ এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব। অহা ২৯ মে’ৰ পৰা ৯ জুনলৈ শিক্ষার্থীসকলে এই প’ৰ্টেলটোৰ জৰিয়তে আবেদনসমূহ দাখিল কৰিব পাৰিব।

শিক্ষানুষ্ঠানসমূহে বাছনিৰ তালিকা ১০ জুনৰ পৰা ১২ জুনৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব। ১২ জুনৰ মাজনিশা এই তালিকাসমূহ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে প্ৰকাশ কৰিব লাগিব। শিক্ষাৰ্থীসকলে ১৩ জুনৰ পৰা ১৫ জুনৰ ভিতৰত নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠান গ্ৰহণ কৰিব লাগিব। ১৬ জুন আৰু ১৭ জুনৰ ভিতৰত দৰ্পণৰ এপৰ জৰিয়তে শিক্ষা প্রতিষ্ঠানসমূহে নামভর্তি নিশ্চিত কৰিব লাগিব।

দৰ্পণ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত কিছু নিয়মাৱলী প্রকাশ কৰা হৈছে-

১.এগৰাকী শিক্ষার্থীয়ে সর্বাধিক ৫খন আবেদন দাখিল কৰিব পাৰিব।

২.সংশ্লিষ্ট শিক্ষা প্রতিষ্ঠানসমূহে নথিপত্রসমূহ পৰীক্ষণৰ পূৰ্বে শিক্ষাৰ্থীসকলে মাত্ৰ এবাৰহে নিজৰ তথ্য অনলাইনৰ জৰিয়তে সম্পাদনা কৰাৰ সুযোগ লাভ কৰিব।

৩.শিক্ষাৰ্থীৰ বাবে দৰ্পণ প’ৰ্টেলৰ জৰিয়তে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে বাছনিৰ তালিকা প্রকাশ কৰিব লাগিব।

৪.শিক্ষার্থীসকলক তেওঁলোকৰ বাছনিৰ বিষয়ে এছএমএছৰ (SMS) জৰিয়তে জনোৱা হ’ব।

৫.বাছনিৰ তালিকা প্ৰকাশ পোৱাৰ পিছত শিক্ষার্থীসকলক মাত্ৰ এঠাইত নামভৰ্তি কৰিবলৈ সংসদে পৰামৰ্শ আগবঢ়াইছে।

তেওঁলোকে শিক্ষানুষ্ঠান বাছনি কৰাৰ পিছত পৰৱৰ্তী সময়ত আন শিক্ষানুষ্ঠান সলনি কৰিব নোৱাৰিব। নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰতে নামভৰ্তি কৰিব লাগিব। শিক্ষাৰ্থীসকলে নামভৰ্তিৰ সময়ত বিষয় তথা শাখা সলনি কৰিবলৈ সুযোগ লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply