নিউজ ডেস্কঃ সৰ্বশিক্ষা অভিযানৰ অধীনৰ অন্তৰ্গত শিক্ষকসকললৈ ৰাজ্য চৰকাৰে দিছে এক ভাল খবৰ। গুণোৎসৱত যোৱা দুৱছৰে একেৰাহে A+  পোৱা বিদ্যালয়সমূহৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিলে ৰাজ্য চৰকাৰে। শুক্ৰবাৰে এখন আনুষ্ঠানিক জাননী প্ৰকাশ কৰি এই বিশেষ ভাল খবৰটো দিয়ে।

গুণোৎসৱৰ চলি থকাৰ মাজতেই দিয়া এই জাননীখনত কেৱল মাত্ৰ বিদ্যালয়ৰ শিক্ষকসকলৰেই নহয় ষ্টেট পুলৰ শিক্ষকৰ চাকৰিও নিয়মীয়াকৰণ কৰা হৈছে উল্লেখ কৰা হৈছে। নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ দৰেই সকলো সা-সুবিধা ভাট্টা আদি পাব এই শিক্ষকসকলে।

এই ঘোষণাৰ পিছতেই কিছু সংখ্যক ঠিকাভিত্তি শিক্ষকসকলে সমাজিক মাধ্যমত প্ৰতিক্ৰিয়া কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত এনেদৰে এতিয়া উৎত্থাপন হৈছে যে, গুণোৎসৱ শিক্ষকৰ নে ছাত্ৰ-ছাত্ৰীসকলৰ ?

উল্লেখযোগ্য যে, ২০২৩-২৪ বৰ্ষৰ গুণোৎসৱৰ আৰম্ভণি প্ৰাক্ ক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু জনাইছিল যে, যিসমূহ চৰকাৰী বিদ্যালয়ে দুৱছৰ একেৰাহে A+ পাবলৈ সক্ষম হ’ব তেনে স্কুলৰ শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণ কৰা হ’ব।  

লগতে পঢ়ক – বিশ্ব বেংকৰ ঋণেৰে ৰাজ্যত পুনৰ ১০খন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ প্ৰস্তুতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply