নিউজ ডেস্কঃ কামৰূপ মেট্ৰৰ পামহীত শুক্ৰবাৰে অসম চৰকাৰ অধীনত শুভাৰম্ভ হয় নৱ নিৰ্মিত এটি নিচা মুক্তি কেন্দ্ৰ। মন্ত্ৰী পিযুষ হাজৰিকাই উদ্ধোধন কৰে এই নতুন কেন্দ্ৰটো।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে ড্ৰাগছ আসক্ত সকলক নতুন নিচা মুক্তি কেন্দ্ৰটোৰ লৈ আহিবলৈ আহ্বান জনাই। লগতে তেওঁ কয় যে, আগন্তুক ১৫ দিনত নতুনকৈ আৰু ৬ টা নিচামুক্তি কেন্দ্ৰ অসম চৰকাৰে শুভাৰম্ভ কৰিব।
নতুনকৈ নিৰ্মিত নিচা মুক্তি কেন্দ্ৰটোত ডাক্তৰ, নাৰ্চ, যোগাসনৰ বাবে লোক নিয়োজিত কৰা হৈছে বুলি মন্ত্ৰী হাজৰিকাই অৱগত কৰে।
লগতে তেওঁ এই বুলিও কয় যে, মন্ত্ৰীত্ব দায়িত্ব লোৱাৰ পিছত সেইসময়ত নিচা মুক্তি কেন্দ্ৰৰ যি দূৰ অৱস্থা সেইয়া বৰ্তমান বহু উন্নত হোৱা বুলি জানিবলৈ পোৱা যায়। আগতে যি এটা কোঠাতেই বহু বহু ল’ৰা থাকিবলৈ দিয়া হৈছিল তাৰ পৰিৱৰ্তে বৰ্তমান ২০০ বৰ্গ ফুটত ৪ জন, ১৫০ বৰ্গ ফুটত ৩ জন, ১০০ বৰ্গ ফুটত ২ জনকৈ তেনেদৰে থাকিবলৈ দিয়া নিয়ম বান্ধি দিয়াৰ কথাও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে, মন্ত্ৰী পিযুষ হাজৰিকাই বহু সময়ত কোনো জাননী নিদিয়াকৈ হঠাৎ বিভিন্ন নিচা মুক্তি কেন্দ্ৰ পৰ্যৱেষণ কৰা দেখিবলৈ পোৱা যায়। মন্ত্ৰী গৰাকীক সদায় নিচা মুক্তি কেন্দ্ৰ সমূহ চাফ-চিকুণতাৰ ৰাখিবৰ বাবে মালিক সমূহক নিৰ্দেশনা প্ৰদান কৰি আহিছে।