গুৱাহাটী- অসম বিধানসভা নিৰ্বাচন-২০২১ ত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্তৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই দলবিৰোধী কাৰ্য্যত লিপ্ত হোৱা ১৫ গৰাকীকৈ নেতাক দলৰ পৰা বহিস্কাৰ কৰিছে সভাপতি ৰণজিৎ কুমাৰ দাসে।

তাংক্ষনিকভাৱে বলবৎ হোৱাকৈ দলৰ প্রাথমিক সদস্যৰ পৰা ছবছৰৰ বাবে বহিস্কাৰ কৰিছে এই নেতা কেইজনক। বহিস্কৃত নেতা সকল হ’ল-

দিলীপ কুমাৰ পাল,শিলচৰ, ৰাও গজেন্দ্ৰ সিং, নাওঁবৈছা, প্ৰিয়ংকা নেওগ, চাবুৱা, লক্ষেশ্বৰ মৰান, ডুমডুমা, তৰুণ চাহু, ঢেকীয়াজুলি, থৈবা সিং, লক্ষীপুৰ, আশিষ হালদাৰ, সোনাই, ক্ষিতিশ ৰঞ্জন পাল, হাইলাকান্দি,ৰাম কুমাৰ নুনিয়া, কাট্‌লিচেৰা, মনোজ মোহন দেৱ, হাইলাকান্দি, সীমা ইংতিপি, বৈঠালাংছু, হেমন্ত অধিকাৰী, বৰছলা, দেৱজিৎ মৰান, ডুমডুমা, ৰাজেশ কিষান, ডুমডুমা আৰু দিলীপ বে,ডিফু ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply