ছায়গাঁও : প্ৰতিশ্ৰুতিমতে কাম কৰি দেখুৱালে ৰেকিবুদ্দিন আহমেদে৷ অবশেষত কথা দিয়াৰ কম দিনৰ ভিতৰতে ছয়গাঁৱত এম্বুলেন্স প্ৰদান কৰিলে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে৷ শনিবাৰে গান্ধীজীৰ পবিত্ৰ জন্মদিনত ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে এখন এম্বুলেন্স৷

বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে আবণ্টিত তথা সম্পূৰ্ণ বাতানুকুল এম্বুলেন্সখন শনিবাৰে চিকিৎসালয়খনত অনুস্থিত এক অনুষ্ঠানত বিধায়ক গৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ হাতত এম্বুলেসখন অৰ্পণ কৰে৷ উল্লেখযোগ্য যে নিৰ্বাচনত জয়ী হোৱাৰ পিচতেই ছয়গাঁৱৰ এক অনুষ্ঠানত বিধায়কগৰাকীয়ে ছয়গাঁৱত বিধায়ক পুঁজিৰ ধনেৰে তিনিখন এম্বুলেন্স প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ সেই অনুসৰি বিধায়গৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি শনিবাৰে ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰথমখন এম্বুলেন্স প্ৰদান কৰি এম্বুলেন্স সেৱা আৰম্ভ কৰে৷

লগতে পঢ়ক : সুৰামত্ত যুৱতীৰ বাহনে মহতিয়াই নিলে ৯ জনকৈ শ্ৰমিকক

বিধায়ক গৰাকীয়ে জনোৱা মতে কাইলৈ গৰৈমাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত দ্বিতীয়খন এম্বুলেন্স প্ৰদান কৰিব৷ আৰু দুদিনমানৰ পিছত বামুণীগাঁও আদৰ্শ হাস্পাতালত তৃতীয়খন এম্বুলেন্স প্ৰদান কৰিব৷ আনহাতে অতিশীঘ্ৰে ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মৃতদেহ কঢ়িওৱা এখন ভেন প্ৰদান কৰিব বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply