লামডিঙ : আমছুৰ হোজাই জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকললৈ সাহায্য বিতৰণ। উচ্ছেদিত সকললৈ সাহায্য বিতৰণৰ লগতে আমছুৱে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।
আমছু হোজাই জিলা সমিতিৰ এক বৃহৎ দলে লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকলৰ মাজত বৃহৎ পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। আমছুৰ ফালৰ পৰা ১৫ টন চাউল, ৪ কুইন্টল ডালি, ২ কুইন্টল চেনি, ৫ কুইন্টল চিৰা, ৮০০ পেকেট বিস্কুট, ৮০০ টা চাবোন, ৪ টন আলু, ১ টন পিয়াজ, ১ টন নিমখ আৰু ৫ টা চিন্টেক্স টেংক বিতৰণ কৰা হয়। ইয়াৰ লগতে উচ্ছেদিত সকলৰ চিকিৎসাৰ বাবে এক চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।
লগতে পঢ়ক : অগ্নিকাণ্ডত জাহ গ’ল চাৰিজনকৈ লোকৰ ঘৰ
ড৹ হুছেইন আহমেদ আৰু ড৹ ফৰিদ খানৰ নেতৃত্বত দুজনীয়া চিকিৎসক আৰু সহায়কৰ দ্বাৰা উচ্ছেদিত লোক সকলক বিনামূলীয়া ঔষধসহ চিকিৎসা সেৱা প্ৰদান কৰা হয়। এই চিকিৎসা শিবিৰত প্ৰায় ৬০০ শিশু, মহিলা, বৃদ্ধাক চিকিৎসা প্ৰদান কৰা হয়।