ক’ভিড-১৯ৰ দ্বিতীয়টো ধৌৱে ভাৰতত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দৈনিক লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে হাজাৰজনে মৃত্যুক সাবটিবলগীয়া হৈছে।
আনহাতে সংক্ৰমণৰ সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহৃত ঔষধৰ চাহিদা।
ভাৰতত ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে মূলত ৰেমডেছিভিৰ নামৰ এণ্টিভাইৰেল দৰৱবিধ ব্যৱহাৰৰ কৰা হয়।
কি হয় এই ৰেমডেছিভিৰ ঔষধ?
ৰেমডেছিভিৰ হৈছে এবিধ এণ্টিভাইৰেল দৰৱ যাক অতি জটিল আৰু সংকটজনক অৱস্থাত থকা ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
ফলাফল বনাম চিকিৎসকৰ সতৰ্কবাণী
ৰেমডেছিভিৰৰ অভাবনীয় চাহিদাৰ বিপৰীতে ইয়াৰ কাৰ্য্যকাৰিতা সন্ধৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি দেশৰ কেইবা গৰাকী শীৰ্ষ কেইবা চিকিৎসা বিশেষজ্ঞই সন্দেহ ব্যক্ত কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ডাঃ সৌম্যা স্বামিনাথনৰ মতে ‘উপলব্ধ তথ্য অনুসৰি হস্পিতালত ভৰ্তি ৰোগীৰ ওপৰত ৰেমডেছিভিৰৰ প্ৰয়োগে মৃত্যুৰ হাৰ হ্ৰাস কৰা নাই, হস্পিতালত থাকিব লগা সময় কমাব পৰা নাই আৰু ৰোগবিধৰ অগ্ৰগতি ৰোধ কৰিব পৰা নাই।‘ Jagran Newsত প্ৰকাশ।
আনহাতে, সংবাদ প্ৰতিষ্ঠান ANIৰ আগত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ৰ সঞ্চালক ৰণদ্বীপ গুলেৰিয়াই কয়, ‘আমি জনাতো ভাল যে ৰেমডেছিভিৰ কোনো মেজিক বুলেট বা মৃত্যুৰ হাৰ কমাব পৰা দৰৱ নহয়। আমাৰ এটা এণ্টি-ভাইৰেল দৰৱ নাই বাবে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰো।’
তেওঁৰ মতে কেৱল অ’ক্সিজেনৰ স্তৰ কমি গ’লে আৰু বুকুৰ এক্স-ৰে’ বা চিটি-স্কেনত ইয়াৰ অৱস্থিতি ধৰা পৰিলে তথা হস্পিতালত ভৰ্তি হৈ থকা ৰোগীকহে ৰেমডেছিভিৰ দিব লাগে।
তেওঁ আৰু কয়, ‘লক্ষণ দেখা নিদিয়া বা সামন্যভাৱে লক্ষণ দেখা দিয়া ৰোগীক আগতিয়াকৈ এই দৰৱ প্ৰয়োগ কৰি কোনো লাভ নাই। তদুপৰি পলমকৈ দিলেও কোনো লাভ নাই।‘
‘অধিক সোনকাল বা পলমকৈ দিলে ই ক্ষতি কৰিব পাৰে। প্ৰথমটো দিনত ওপৰা-উপৰিকৈ দৰৱ প্ৰয়োগ কৰিলে অধিক ক্ষতিকাৰক হোৱাৰ লগতে ৰোগীৰ মৃত্য পৰ্য্যন্ত হ’ব পাৰে।‘
চাহিদা, যোগান আৰু নাটনি
দেশত সংক্ৰমণৰ হাৰ বাঢ়ি যোৱাৰ সমান্তৰালভাৱে দৈনিক ৰেমডেছিভিৰ এণ্টিভাইৰেলৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত দৰৱবিধক কেন্দ্ৰ কৰি এখন ক’লা বজাৰ গঢ়ি উঠাৰ কথা পোহৰলৈ আহিছে।
যোৱা ১৭ এপ্ৰিলত কেন্দ্ৰ চৰকাৰে দেশৰ ৭টা ওষধ প্ৰতিষ্ঠানে প্ৰস্তুত কৰি থকা ৰেমডিছিভিৰ ওষধৰ দাম কৰ্তন কৰে।
সেই অনুসৰি ঔষধ প্ৰতিষ্ঠান Cadila, Syngene, Dr. Reddy, Cipla, Mylan, Jubilant আৰু Hetero-য়ে দ্বাৰা প্ৰস্তুত কৰা দৰৱটোৰ এটা ১০০ এম.জি বটলৰ দাম হৈছে ক্ৰমে ৮৯৯ টকা, ২৪৫০ টকা, ২৭০০ টকা, ৩০০০ টকা, ৩৪০০ টকা আৰু ৩৪৯০ টকা।
কিন্তু ইয়াৰ বিপৰীতে India Today-ৰ এক অনুসন্ধান পোহৰলৈ অহা মতে, ওষধবিধৰ নাটনিৰ সুযোগ লৈ একাংশ দৰৱ ব্যৱসায়ীয়ে ইয়াৰ চোৰাং বেহা আৰম্ভ কৰিছে।
ক’লা বজাৰত প্ৰকৃত মূল্যতকৈ ছয়গুণ অধিক দামত দৰৱবিধ বিক্ৰী কৰি থকা হৈছে বুলি ইণ্ডিয়া টুডেৰ বাতৰিটোত কোৱা হয়। বাতৰিটোৰ মতে ২০,০০০ টকা পৰ্য্যন্ত উঠিছে এটা ১০০ এম জি বটলৰ দাম।