ক’ভিডৰ চিকিৎসাত ব্যৱহৃত ৰেমডেচিভিৰ ইনজেকচন উৎপাদন হ’ব পলাশবাৰীৰ ছান ফাৰ্মাৰ উৎপাদন ক্ষেত্ৰত। এতিয়াৰে পৰা মাহত ৩ লাখ ৬০ হাজাৰ ৰেমডেচিভিৰ ইনজেকচন উৎপাদন হ’ব এই কেন্দ্ৰত।
অসম চৰকাৰক আজি ১০ হাজাৰ ইনজেকচন দিব ছান ফাৰ্মাই। উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰি এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
প্ৰতিদিনাই ৰাজ্যত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হ’ল ২২৩৬গৰাকী লোক। ইয়াৰে ৮১৫গৰাকী কেৱল কামৰূপ মেট্ৰ’ৰে।
কামৰূপ গ্ৰাম্যৰ ১৯৬জন, নগাৱৰ ১২৩ জন, ডিব্ৰুগড়ৰ ১১৫ জন লোক আক্ৰান্ত হৈছে কালিৰ দিনটোত | আনহাতে কোৰোণাত আক্ৰান্ত হৈ শনিবাৰৰ দিনটোত মৃত্যুক সাৱটিলে ১৪ গৰাকীকৈ ৰোগীয়ে। এই দিনটোত ৰাজ্যত কোৰোণাৰ পজিটিভিটি ৰেট ৩.২৪ শতাংশ