আফগানিস্থানত কৰ্মৰত অবস্থাত সন্ত্ৰাসবাদী সংগঠন তালিবানৰ গুলিত নিহত হোৱা ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীৰ প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবত আজি আয়োজিত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনাই এক অনুষ্ঠানৰ আয়োজন কৰে ।
ডানিছ ছিদ্দিকীৰ মৃত্যু ভাৰতৰ নিৰ্ভীক,নিৰপেক্ষ সাংবাদিকতাৰ বাবে এক অপুৰণীয় ক্ষতি। অশান্ত-অস্থিৰ সময়তো নিজৰ কৰ্তব্য আৰু দায়িত্ব পালনত আপোচ কৰা নাছিল ছিদ্দিকীয়ে। ডানিছ ছিদ্দিকীৰ প্ৰতিখন ফটোগ্ৰাফ সময়ৰ জীৱন্ত দলিল।
সাহস,ত্যাগ আৰু নিৰ্ভীকতাৰ প্ৰতীক ডানিছৰ মৃত্যুত শোকস্তব্ধ ভাৰতৰ সংবাদ জগত। ডানিছৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাবো। ডানিছলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
অনুষ্ঠানত কেইবাটাও সংবাদ গোষ্ঠীৰ বহুকেইজন জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকি ডানিছলৈ শ্ৰদ্ধাঞ্জলি জনায়। ডানিছলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডানিছৰ কৰ্মৰাজিৰ সন্দৰ্ভত চমু আলোকপাত কৰে অসম বাণী কাকতৰ মুখ্য সম্পাদক দিলীপ চন্দনে।
অনুষ্ঠানত উপস্থিত থাকে অসমৰ ফটো সাংবাদিক সন্থাৰ কেইবাজনো জ্যেষ্ঠ ফটো সাংবাদিক। গুৱাহাটী প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজন কৰা হয় এই অনুষ্ঠানৰ ।