নিউজ ডেস্কঃ বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ আছিল কবিগৰাকী । বৃহস্পতিবাৰে নিশা ১বাজি ৩০মিনিটত নতুন দিল্লীত দেহাৱসান ঘটে কবি গৰাকীৰ।
১৯৫২ চনত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগানত এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিল কবি সনন্ত তাঁতিয়ে।
২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক কাব্য সংকলন খনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কবিগৰাকীয়ে। ২০১৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত কবি,সমালোচক গৰাকীয়ে কথাশিল্পৰ জড়িয়তে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
লগতে পঢ়কঃগুৱাহাটীত দৃষ্টিহীন ছোৱালীক ক্ৰিকেটৰ প্ৰশিক্ষণ
মৃত্যুৰ সময়ত বিশিষ্ট কবি গৰাকীৰ বয়স হৈছিল ৬৯ বছৰ। ভীষণ আৰ্থিক সংকটৰ মাজতো ৰাইজৰ দান বৰঙণিৰে চিকিৎসা চলিছিল কবি গৰাকীৰ৷দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মুঠ ১৪ খন গ্ৰন্থৰ প্ৰণেতা আছিল সনন্ত তাঁতী। তাঁতীৰ মৃতদেহ ৰাজ্য চৰকাৰে এয়াৰ এম্বুলেঞ্চ যোগে অসমলৈ অনাৰ ব্যৱস্থা কৰিছে।
কবিগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো শোকপ্ৰকাশ কৰি কয় , ”অসমৰ এগৰাকী প্ৰথিতযশা কবি সনন্ত তাঁতিদেৱৰ বিয়োগৰ বাতৰিত মৰ্মাহত হ’লোঁ। সাহিত্য অকাডেমি বঁটা বিজয়ী কবিগৰাকীৰ অসমীয়া কাব্য সাহিত্য জগতলৈ অৱদান স্মৰণীয় হৈ ৰ’ব। তাঁতিদেৱৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ”