নগাঁওঃ নগাঁৱৰ ভাড়াঘৰত মালিকৰ আতিশায্যৰ বলি হ’ল তিনি যুৱতী। নগাঁৱৰ বিশাল মেগামাৰ্টত কাম কৰিবলৈ কৰিবলৈ আহিছিল গোলাঘাট জিলাৰ যুৱতী কেইগৰাকী। নগাঁও চহৰৰ আজাদ নগৰৰ পাৰবিন চৌধুৰী আৰু ছাইফুল ইছলাম চৌধুৰীৰ এটা ঘৰ ভাড়ালৈ লৈছিল তিনি যুৱতীয়ে। পিছে শনিবাৰে ভাড়া ঘৰৰ মালিক ছাইফুল ইছলাম চৌধুৰী আৰু তেওঁৰ পত্নীয়ে তিনি যুৱতীক বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইফালে এই অভিযোগ নস্যাৎ কৰিছে পাৰবিন চৌধুৰীয়ে।

পাৰবিন চৌধুৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, যুৱতী কেইগৰাকীক তেওঁৰ স্বামীয়ে মাৰধৰ কৰা নাছিল। আনকি তেওঁলোকৰ ঘৰত ভাড়া লৈয়ো থকা নাছিল যুৱতীগৰাকী। এই সন্দৰ্ভত তেওঁ যুৱতীকেইগৰাকীক প্ৰশ্ন কৰাত সেই ঘৰটো ভাড়া লৈ থকা লোকজনে তেওঁলোকক ভাড়া দিয়া বুলি অৱগত কৰে। ইয়াৰ বাবে ৩০০০ হাজাৰ টকা পৰিশোধ কৰিছে বুলিও অৱগত কৰিছে যুৱতীকেইগৰাকীয়ে। আনহাতে মাৰধৰ কৰা এই সমস্ত ঘটনাটো মিছা বুলি জনাইছে পাৰবিন চৌধুৰীয়ে।

ইফালে ছাইফুল ইছলাম চৌধুৰী এগৰাকী অধিবক্তা হৈ নিজে আইন হাতত তুলি লোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত চলাই আছে। আৰক্ষীৰ অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত সত্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,390 other subscribers

Leave a comment

Leave a Reply Cancel reply