গুৱাহাটী : অসম চৰকাৰে দৰং জিলাৰ ধলপুৰত চলোৱা উচ্ছেদ অভিযানে আজি তিনিটা মাহ সম্পূৰ্ণ কৰিলে। বিগত তিনিটা মাহত ধলপুৰক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ প্ৰচাৰ তথা অপপ্ৰচাৰ চলি থকাৰ মাজতে আজি অঞ্চলটোৰ বাস্তৱ পৰিস্থিতিৰ এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ন প্ৰতিবেদন ৰাজহুৱা কৰা হয়। গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী জমশ্বেৰ আলিৰ নেতৃত্বত এটা ১৫ জনীয়া দলে প্ৰস্তুত কৰা তথা সংখ্যালঘু অধ্যয়ন, গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, অসম তথা বিটিএডি নাগৰিক অধিকাৰ মঞ্চই যৌথভাবে প্ৰকাশ কৰে ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰতিবেদনখনি ৰাষ্ট্ৰৰ উদ্দেশ্যে উচৰ্গা কৰি উন্মোচন কৰে বিশিষ্ট অৰ্থনীতিবিদ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বোৰ্ড অব ডাইৰেক্টৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনন্ত কলিতাই।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট চিন্তাবিদ আব্দুল মান্নান, বিশিষ্ট আইনজীৱী হাফিজ ৰছিদ আহমেদ চৌধুৰী, বিশিষ্ট চিত্ৰশিল্পী মুবীন ৰাভা, সমাজকৰ্মী ৰতীশ ৰঞ্জন দেব, ফাৰুক আহমেদ, পাৰভেজ মাৰুফ ছুফী আদিও উপস্থিত থাকে। প্ৰতিবেদনখনি উন্মোচন কৰি বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিতাই কয় যে বিগত ৯ টা বছৰ ধৰি ধলপুৰ কেন্দ্ৰিক বিবাদে ৰাজ্যখনৰ ৰাজনৈতিক বাতাবৰণ উত্তপ্ত কৰি ৰাখিছে। বিজেপি দল আৰু ইয়াৰ অংশীদাৰ সংগঠনবোৰে ধলপুৰক কেন্দ্ৰ কৰি চলাই থকা একপক্ষীয় প্ৰচাৰেৰে ৰাজ্যখনত সাম্প্ৰদায়িক বিভাজনৰ প্ৰয়াস চলাই আহিছে। মূলতঃ সমন্বয়মূখী অসমীয়া সমাজখনত সাম্প্ৰদায়িক বিভাজনৰ ৰাজনৈতিক অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈছে ধলপুৰক। বিগত ৯ টা বছৰে ধলপুৰক কেন্দ্ৰ কৰি বিজেপি-আৰ এছ এছ-এ বোৰ অপপ্ৰচাৰ চলাই আহিছে তাৰ এক বলিষ্ঠ প্ৰত্যুত্তৰ এই ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰতিবেদন। এই প্ৰতিবেদনে অসম তথা ভাৰতৰ জনগণক বিজেপি বাহিনীৰ চৰিত্ৰ অনুধাৱন কৰাত বিশেষভাৱে সহায় কৰিব বুলি কলিতাই আশা ব্যক্ত কৰে।
অনুষ্ঠানত বিশিষ্ট আইনজীৱী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে ধলপুৰক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা প্ৰচাৰ কৰি আহিছে সেইবোৰলৈ লক্ষ্য কৰিলে এটাই কথা কব পাৰি যে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক বিধি ব্যৱস্থাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ দাবী কৰি আহিছে যে ধলপুৰত গুলী চালনাৰ পূৰ্বে দহ হাজাৰতকৈ অধিক লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। অথচ জমশ্বেৰ আলিৰ নেতৃত্বাধীন দলটোৱে প্ৰস্তুত কৰা ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰতিবেদনত ছিপাঝাৰ থানাত আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ প্ৰতিলিপিও সংযোজিত কৰা হৈছে। আৰক্ষীয়ে দাখিল কৰা এজাহাৰত সমবেত লোকৰ সংখ্যা দুই হাজাৰৰ পৰা আঢ়ৈ হাজাৰ বুলি উল্লেখ কৰাক লৈ বিশিষ্ট অধিবক্তা গৰাকীয়ে প্ৰশ্ন কৰে এনেস্থলত মিথ্যাচাৰী কোন? মুখ্যমন্ত্ৰী নে তেওঁৰ আৰক্ষী। আৰক্ষী ঘটনাস্থলীত আছিল। গতিকে, মুখ্যমন্ত্ৰীয়ে কিদৰে মিথ্যাচাৰী বক্তব্যৰে পৰিবেশ কলুষিত কৰি আহিছে সেয়া এই প্ৰতিবেদনে উদঙাই দিয়া বুলি অধিবক্তা চৌধুৰীয়ে উল্লেখ কৰে।
অধ্যাপক আব্দুল মান্নানে কয় যে ধলপুৰত আজি যিবোৰ ঘটনা চলি আছে সেইবোৰ একমাত্ৰ ভাৰতীয় আইন, সাংবিধানিক বিধি-ব্যৱস্থাৰ বাবেই প্ৰত্যাহ্বানমূলক নহয়, বৰং এইবোৰ আন্তঃৰাষ্ট্ৰীয় বিধি ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী। ধলপুৰত মাথোঁ নাগৰিকৰ মৌলিক অধিকাৰ হৰণ কৰা হোৱা নাই, বৰং শিশু, মহিলাৰ বাবে স্বীকৃত অধিকাৰ সমূহো হৰণ কৰা হৈছে। এইবোৰ দিশ প্ৰতিবেদন খনত সুস্পষ্টভাৱে প্ৰতিফলিত হোৱা বুলি অধ্যাপক আব্দুল মান্নানে উল্লেখ কৰে। অনুষ্ঠানত প্ৰতিবেদনখন প্ৰস্তুতৰ মূল কৰ্ণধাৰ জমশ্বেৰ আলিয়ে কয় যে এই প্ৰতিবেদন খনৰ লক্ষ্য কাৰোবাক ৰক্ষণাবেক্ষণ নাইবা কাৰোবাক আক্ৰমণ কৰা নহয়। ধলপুৰ কেন্দ্ৰিক প্ৰশ্নবোৰৰ তথ্যভিত্তিক সত্য উদ্ঘাটন ইয়াৰ লক্ষ্য। এই তথ্যবোৰ যথেষ্ট চমকপ্ৰদ।
লগতে পঢ়ক : অস্ত্ৰ ত্যাগ কৰিলে ডি এন এল এ’ৰ ৬৭ জন কেডাৰে
তেওঁ কয় যে ভাৰত চৰকাৰৰ লোকপিয়লৰ তথ্য অনুসৰি ১৯৭১ চনৰ মানচিত্ৰত ধলপুৰ নামৰ গাঁওখন ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত আছিল। সম্প্ৰতি ই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত। ধলপুৰৰ নিকটৱৰ্তী ৯ খন গাঁৱত ১৯৭১ চনত ইয়াৰ দূৰ্গমতাৰ বাবে এজনো লোকৰ বসতি নাছিল। নাগৰিকত্ব সংক্ৰান্তীয় প্ৰশ্নত তেওঁ কয় যে ধলপুৰৰ ৫১৭টা উচ্ছেদিত পৰিয়াল সামৰি লোৱা এই ক্ষেত্ৰভিত্তিক অধ্যয়নত ৫১৭ টা পৰিয়ালৰ মূৰব্বীৰে নিজৰ নামত কিম্বা তেওঁৰ পূৰ্বপুৰুষৰ নামত লিগেচি ডাটা আছে। উক্ত লিগেচী ডাটাৰ ভিত্তিত তেওঁলোকৰ পৰিয়াল বৃক্ষৰ গৰিষ্ঠসংখ্যক লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ধলপুৰত যি এশটা পৰিয়ালৰ নাম সম্পূৰ্ণ বাদ পৰিছে, সেই পৰিয়ালবোৰৰো পৰিয়াল বৃক্ষৰ যিসকল ধলপুৰৰ বাহিৰত ব্যৱহাৰ কৰে তেওঁলোকৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈছে।