চিলাপথাৰত আঞ্চলিক পঞ্চায়তৰ সভাপতি

ধেমাজী: চিচিবৰ গাও ব্লকৰ অন্তগৰ্ত আমগুৰি গাঁও পঞ্চায়তত এগৰাকী সভানেত্ৰী আৰু স্বামীয়ে মিলি এগৰাকী ৱাৰ্ড মেম্বাৰক মাৰপিট কৰা ঘটনাৰ সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ বাবেই খৰ্গহস্ত হৈছে এগৰাকী বিজেপি দলৰ নেতা।
চিলাপথাৰত আঞ্চলিক পঞ্চায়তৰ সভাপতি দেবকান্ত পেগুৱে বাতৰি প্ৰকাশ কৰাৰ বাবে এগৰাকী টেলিভিছন চেনেলৰ সাংবাদিকক ফোনযোগে অসভ্য গালি-গালাজ কৰাৰ অভিযোগ।

নিজকে জোনাইৰ বিধায়ক ভূবন পেগুৰ বৰঘৰৰ মানুহ বুলি জাহিৰ কৰি গুৰু গোঁসাই নমনা এইগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিপক্ষে বাহুবল আৰু ধনবলেৰে বলীয়ান হৈ অঞ্চলটোত প্ৰভুত্ব চলোৱাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ।
আঞ্চলিক পঞ্চায়তৰ সভাপতি দেবকান্ত পেগুৰ ভাবুকিৰ পিছত সাংবাদিক গৰাকীয়ে চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে।
সংবাদকৰ্মীক ভয় ভাবুকী দিয়াৰ সন্দৰ্ভত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উজ্বল কুমাৰ চুতীয়া, ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা,
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গিৰিশ শইকীয়া, কেন্দ্ৰীয় সভাপতি, বাঙালী সুৰক্ষা মঞ্চ অসমৰ উৎপল দে,চিলাপথাৰ আটাছুৰ ফালৰ পৰা পঞ্চায়ত প্ৰতিনিধিজনৰ কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিহিত ব্যবস্থা লবলৈ দাবী জনাইছে।

লগতে পঢ়ক- স্বামীয়ে ২ লাখ টকাত পত্নীক বিক্ৰী কৰিলে কুৱেইটত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply