গুৱাহাটীঃ কোভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৭৩সংখ্যক গণৰাজ্য দিৱসটি এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে।
মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। খানাপাৰাত পতাকা উত্তোলন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে।পতাকা উত্তোলন কৰাৰ পিছতে ৰাজ্যবাসীক সম্বোধন ৰাজ্যপালৰ। ৰাজ্যপালৰ লগতে খানাপাৰাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাই সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিলৰ সৈতে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত থাকি ত্যাগ আৰু দেশপ্ৰেমৰ চানেকিৰে দীপ্তিমান অমৰ শ্বহীদসকললৈ পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰে।

অসমৰ বিভিন্ন প্ৰান্তত এইবাৰ কোভিড নীতি পালন কৰি অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ।
এইবাৰ চৰকাৰী নিৰ্দেশনা অনুসৰি কোভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি ৰাষ্ট্ৰীয় পতাকা উত্তোলন, আৰক্ষী, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত কুচ-কাৱাজ আৰু মুখ্য অতিথিৰ ভাষণেৰে আগন্তুক গণৰাজ্য দিৱসটি উদযাপন কৰা হৈছে ৷ লগতে সকলো সাংস্কৃতিক আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰা হৈছে ৷
মানকাচৰত কোভিড প্ৰকটল মানি ৭৩ তম গণৰাজ্য দিৱস উদযাপন । জিলা উপায়ুক্তা পল্লবী সৰকাৰ উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা।

পাহাৰীয়া জিলা ডিফু বালক বিদ্যালয়ৰ খেল পথাৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হয় গণৰাজ্য দিৱস ।সম্পূৰ্ন কভিড প্ৰটকল মানি পুৱা ৯ বজাত অনুষ্ঠিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কাৰ্বি পৰিষদৰ কাৰ্য্যবাহী সদস্য ও পৰিষদৰ সদস্য লগতে বিশিষ্ট লোক সকল ,অসম আৰক্ষীৰ ও চিআৰপি এফৰ উচ্চ বিষয়া সকল উপস্থিত থাকে ।মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে পেৰেডত অংশগ্ৰহণ কৰে ।

পশ্চিম কাৰ্বিআংলং জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন হোৱা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে জিলাখনৰ জিলা উপায়ুক্তা কৃষ্ণা বৰুৱাই।

বতৰৰ প্ৰতিকূলতাকো নেওচি সমগ্ৰ দেশৰ লগতে আজি সোণাৰিতো গণৰাজ্য দিৱস উদযাপন। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী। সীমিত সংখ্যক লোকৰ উপস্থিতিত পতাকা উত্তোলন কৰিলে উপায়ুক্ত পল বৰুৱাই। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শ্বহীদ তৰ্পণ কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ক’ভিডৰ বাবেই এইবাৰ অনুষ্ঠিত কৰা নহ’ল সাংস্কৃতিক তথা সম্বৰ্ধনা কাৰ্যসূচী।

সম্পূৰ্ণ ক’ভিড প্ৰ’টকলৰ মাজেৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও নুৰুল আমিন খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। অসম চৰকাৰৰ বিত্ত,সমাজকল্যাণ আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ প্ৰাকক্ষণত অসম চৰকাৰৰ মন্ত্ৰী গৰাকীৰ সৈতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰাৰ পিছতেই নৱনিৰ্মিত উদ্যান “অমৃত কানন”ত স্থাপিত স্বাধীনতাৰ সেনানী সকলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে।

কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰতো সম্পূৰ্ণ কভিড বিধি মানি উদযাপন কৰা হয় ৭৩ তম গণৰাজ্য দিৱস। পতাকা উত্তোলন কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া নিকুঞ্জ কুমাৰ দাস দেৱে।
ৰূপহীহাটত বিধায়ক নুৰুল হুডাই উত্তোলন কৰিলে পতাকা। কোভিড নীতি পালন কৰি সকলো সমবেত হৈছে গণৰাজ্য দিৱসৰ অনুষ্ঠানত।
নলবাৰীত পতাকা উত্তোলন কৰিলে ৰণজিৎ কুমাৰ দাসে, যোৰহাটত অতুল বৰাই, তামুলপুৰত উৰ্খাও গৌৰা ব্ৰহ্মই, গোৱালপাৰাত পতাকা উত্তোলন কৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে, বঙাইগাঁৱত পৰিমল শুক্লবৈদ্যই, ডিব্ৰুগড়ত কেশৱ মহন্তই, তেজপুৰ, শোণিতপুৰত ৰণোজ পেগুয়ে, শিলচৰ, কাছাৰত অশোক সিংহল আৰু লখিমপুৰত পতাকা উত্তোলন কৰিলে মন্ত্ৰী যোগেন মহনে।
ইফালে গোলাঘাটত সঞ্জয় কিষাণে, তিনিচুকীয়াত পীযুষ হাজৰিকাই আৰু ধুবুৰীত বিমল বৰাই পতাকা উত্তোলন কৰে।
কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হৈছে গণৰাজ্য দিৱস।কোকৰাঝাৰত পতাকা উত্তোলন কৰিলে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।