এইবছৰ নতুন দিল্লীত গণৰাজ্য দিৱসৰ কেন্দ্রীয় কার্যসূচীত অসমৰ প্রতীকপট নাথাকে ৷
সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী বিমল বৰাই প্রকাশ কৰা মতে, আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰে গহপুৰত কনকলতা বৰুৱাৰ পতাকা উত্তোলনৰ প্রতীকপট প্রতিৰক্ষা মন্ত্রালয়লৈ প্রেৰণ কৰিছিল ৷ পৰৱর্তী পর্যায়ত প্রতিৰক্ষা মন্ত্রালয়ে কিছু সংশোধনী কৰিব দিছিল আৰু সেই অনুসৰি সংশোধনো কৰি দিয়া হৈছে৷ তদুপৰি এই সংক্রান্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙলৈ পত্রও প্রেৰণ কৰিছিল।
চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতীকপটত থকা কেতবোৰ ভুল প্ৰতিৰক্ষা মন্ত্রালয়ে সংশোধন কৰিবলৈ নির্দেশ দিছিল । সেই ভুল সংশোধন কৰাৰ পাছত এতিয়ালৈকে প্ৰতিৰক্ষা মন্ত্রালয়ে অনুমোদন নজনালে । আনহাতে দিছপুৰৰ আন এটা সূত্ৰৰ খবৰ অনুসৰি সময়মতে বিত্ত বিভাগে ৫০ লাখ টকাৰ পুঁজি মোকলাই দিব নোৱাৰাৰ বাবেহে অসমে সঠিক সময়ত প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰি সুযোগ হেৰুৱাইছে ।
প্রতীকপট উপস্থাপনত কিয় বিলম্ব ঘটিল, তাৰ উত্তৰ বিচাৰি মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক সঞ্চালক কিশোৰ ঠাকুৰীয়াক মাতি নিছিল । সঞ্চালকজনে পুঁজিৰ অভাৱৰ বাবে সময়ত অসমে কাম সম্পাদন কৰিব নোৱাৰিলে বুলি কোৱাত মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে তেওঁক সঞ্চালকৰ পদৰ পৰা বদলি কৰে । অৱশ্যে তাৰ পাছতো বিষয়টো নাবাঢ়িল।
প্রতিবছৰে গণৰাজ্য দিৱসৰ কেন্দ্রীয় কর্যসূচীত দেশৰ প্রতিখন ৰাজ্যৰ প্রতীকপট প্রতিফলিত কৰাটো সম্ভৱ নহয়৷ যোৱা বছৰ ১৬খন ৰাজ্যৰ প্রতীকপট প্রতিফলিত হৈছিল৷ সেই ১৬ ৰাজ্যৰ ভিতৰত অসমো আছিল৷ ২০১৯ চনত অসমে প্রতীকপটৰ বাবে প্রথম স্থানো লাভ কৰিছিল৷
লগতে পঢ়কঃ খোৱাঙত কভিড আতংক,দুখনকৈ বিদ্যালয় বন্ধ ঘোষণা