মানকাচৰ : দেশৰ ৭৩ তম গণৰাজ্য দিৱস উপলক্ষে মানকাচৰ অসম-মেঘালয় সীমান্তত মানকাচৰ আৰক্ষীৰ নাকা চেকিং। অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ লগতে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কটকটীয়া নিৰাপত্তা।

দেশৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ইতিমধ্যে জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ তম গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে। জিলাখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত কটকীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পূব প্ৰান্তত অসম-মেঘালয় সীমান্তৰ লগতে পশ্চিম প্ৰান্তত ভাৰত-বাংলাদেশ সীমান্ত। গণৰাজ্য দিৱসৰ প্ৰাকখনত কোনো দূস্কৃতিকাৰীয়ে যাতে কুঠাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মানকাচৰ থানা এলেকাত কটকটীয়া পহৰাৰ ব্যৱস্থা কৰা হৈছে।

মানকাচৰ আৰক্ষীয়ে অসম মেঘালয় সীমান্তত নাকা বহাই প্ৰতিটো বাহনত তালাচী চলাই পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ নিশাৰ ভাগত আৰক্ষীয়ে মানকাচৰৰ অসম-মেঘালয়ৰ আৰু ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল সমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

লগতে পঢ়ক- ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply