ডুমডুমা বন সংমণ্ডলত ধ্বংস যজ্ঞ

ডুমডুমাঃ ৰাজ্যৰ বনাঞ্চলসমূহত চোৰাংচিকাৰীৰৰ অবাধ বনধ্বংস। অবৈধ চোৰাং কাঠৰ বেহাৰ বাবে একাংশ দুৰ্বৃত্তই কাটি তহিলং কৰিছে মূল্যৱান গছ-গছনিসমূহ।

ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ৰজাআলি বন খণ্ড বিষয়া কাৰ্যালয়ৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত অৱস্থিত আপাৰ দিহিং বনাঞ্চলৰ নলনি, তৰানী সংৰক্ষিত বনাঞ্চলত এচাম দুৰ্বৃত্ত তথা চোৰাংচিকাৰীয়ে অবাধ হাৰত চলাইছে বন ধ্বংস যজ্ঞ ৷

বনাঞ্চলখনৰ বহু মূল্যৱান গছ যেনে, তিতাচপা, বুলা, গন্ধসৰই, লালী, চাম, শলখ, খকন, শিলিখাকে আদি কৰি বজাৰত বহু দামত বিক্ৰী হোৱা গছ সমূহ কাটি বৃহৎ চোৰাং ব্যৱসায় বহু দিনৰ পৰা চলাই গৈছে দুৰ্বৃত্তই ৷

আনহাতে , ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত চৰাইপুং, লক্ষীপথাৰ, খাটাংপানী আদিকে ধৰি সংৰক্ষিত বনাঞ্চলৰূপে খ্যাত বনাঞ্চল সমূহত এচাম দুৰ্বৃত্তই অবাধ হাৰত বহু মূল্যৱান গছ-গছনি কাটি অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উঠিছে ৷

ইতিমধ্যে মূল্যৱান গছ সমূহ নিঃশেষ হোৱাত দুৰ্বৃত্তৰ দলটোৱে কেৱল প্লাইউদৰ বাবে উপযোগী হোলোঙ গছকো এফালৰ পৰা কাটি তলিহং কৰা পৰিলক্ষিত হৈছে ৷

বিভিন্ন সময়ত স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনকে আদি কৰি ৰাইজে এই বন ধ্বংসৰ কথা বন বিভাগক অৱগত কৰি আহিছে যদিও প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷

উচ্চ পদস্থ বিষয়াৰ লগত থকা গোপন বুজাবুজিৰ ফলশ্ৰুতিতে অবাধ হাৰত বন ধ্বংস যজ্ঞ চলাই যাবলৈ সক্ষম হৈছে বুলি প্ৰকৃতিকৰ্মী সকলে অভিযোগ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply