মানকাচৰ: আছুৰ পৰা পদত্যাগ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ফিৰোজ আল ফাৰুক খন্ডকাৰৰ।
২০১৬ চনত দক্ষিণ শালমাৰা মানকাচৰ মহকুমা ছাত্ৰ সন্থা সভাপতি আছিল ফিৰোজ খন্ডকাৰ।

ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যিক সদস্য হিচাপে নিযুক্তি লাভ কৰে।
জিলা ছাত্ৰ সন্থাৰ একাংশ সদস্য, বিষয় ববীয়াৰ কাম কাজক লৈ অসন্তষ্ট হৈ আজি আছুৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ফিৰোজ খন্ডকাৰে।

ছাত্ৰ সন্থাৰ সদস্য aiudf দলৰ লগত জড়িত হোৱাৰ অভিযোগ, বিভিন্ন জুৱা খেলৰ লগতো জড়িত একাংশ সদস্যৰ।
সাংবাদিকৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে আছুৰ একাংশ সদস্যৰ বিৰুদ্ধে।

সকলো খিনি বিষয় ফিৰোজে কেন্দ্ৰীয় কমিটিক প্ৰমাণ সহকাৰে দিছিল যদিও
কেন্দ্ৰীয় সমিতিয়ে কোনো বিহীত ব্যৱস্থা নকৰাত কেন্দ্ৰীয় সমিতিৰ ওপৰত অসন্তষ্ট ফিৰোজ খন্ডকাৰ।

২০১৬ চনৰ পূৰ্বে জিলা খনত প্ৰায় ১৫ বছৰ আছুৰ কোনো সমিতি নাছিল।
ফিৰোজ খন্ডকাৰে দ্বিতীয়বাৰৰ বাবে ২০১৬ চনত জিলা খনত মহকুমা ছাত্ৰ সন্থা গঠন কৰিছিল।
বহু সামাজিক কাম কাজৰ লগত জড়িত আছিল ফিৰোজ খন্ডকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply