নিউজ ডেস্কঃ বুধবাৰে ৰাজভৱনৰ দৰবাৰ হলত আয়োজিত এক অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ নতুন সদস্য হিচাপে শপতগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া ঘনাকান্ত পেগুৱে।

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে তেওঁক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পূৰ্বে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ৰাজ্যপালৰ অনুমতি লৈ আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানটি আৰম্ভ কৰে।

উল্লেখ্য যে, অনুষ্ঠানটোত এপিএছচিৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা, মুখ্য তথ্য আয়ুক্ত সমুদ্ৰ গুপ্তা কাশ্যপ, এপিএছচিৰ সদস্যসকল আৰু অন্যান্য বিষয়া সকলৰ লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply