গুৱাহাটী : ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত বসুন্ধৰা আঁচনিৰ কাম-কাজ সম্পৰ্কে পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পিছত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত আঁচনিখনৰ কাম-কাজসমূহ কৰোতে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চক্ৰ বিষয়া, লাট-মণ্ডল, কানানগো আৰু পঞ্জীয়কৰ সৈতে এক সভা অনুষ্ঠিত কৰে।
সভাত লাট-মণ্ডলসকলে ভাগ বাটোৱাৰা, সীমা নিৰ্ধাৰণ ভুল দাগৰ দখলত থকা ইত্যাদি ক্ষেত্ৰ ভ্ৰমণৰ সময়ত লাটমণ্ডলসকলে সন্মুখীন হোৱা বিভিন্ন বিষয়ৰ ওপৰত নিজৰ অভিজ্ঞাতাসমূহ ব্য়ক্ত কৰে।
আসাম চাৰ্ভে এণ্ড চেটলমেণ্ট ট্ৰেইনিং চেন্টাৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস, গুৱাহাটী ৰাজহ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়া, চক্ৰ বিষয়া (সংলগ্ন) নিতিশা বৰা উপস্থিত থাকে।
এই সভাত মন্ত্ৰীগৰাকীয়ে ক্ষীপ্ৰ গতিত আন্তৰিকতাৰে কামসমূহ নিৰ্দিষ্ট সময়-সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চক্ৰ বিষয়া আৰু বিষয়-ববীয়াসকলক নিৰ্দেশ দিয়ে। ASSTC ৰ অধ্যক্ষ পংকংজ চক্ৰৱৰ্তীয়ে সভাত মাটি ভাগ বাটোৱাৰা কৰাৰ ক্ষেত্ৰত উত্তৰাধিকাৰীৰ ৱাৰিছ নামজাৰি বিষয়টোও চালি-জাৰি চাবলৈ মণ্ডলসকলক অনুৰোধ কৰে।