সোণাৰিঃ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আজি সোণাৰস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

এই বৈঠকত চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগত জল জীৱন মিছন, আন্তঃৰাজ্যিক সীমান্তৰ লগতে ক’ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ।

অহা এসপ্তাহৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে অসম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে।

লগতে পঢ়কঃকাৰ্বি আংলঙত স্বাস্থ্য পৰীক্ষণ অভিযান শিবিৰ

আনহাতে প্ৰথম পৰ্যায়ত কলেজসমূহ খুলি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰখা হৈছে বুলিও মন্তব্য কৰে ।

সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰী সকলক ভেকচিন প্ৰদান কৰিবলৈ সজাগতা সৃষ্টি কৰা হ’ব বুলিও মন্তব্য কৰে জিষ্ণু বৰুৱাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply