তেজপুৰঃ অসমত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গুৱাহাটীৰ বাহিৰে আন্তঃ জিলাৰ যাতায়াতৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে ৰাজ্যৰ সকলো স্থানতে সান্ধ্য আইনৰ সময় একে কৰাৰ কথা সদৰি কৰে অসম চৰকাৰৰ মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই।

মুখ্য সচিব গৰাকীয়ে অসমৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কোভিডৰ দ্বিতীয় লহৰত বিগত সময়ত ৰাজ্যখনত সম্পূৰ্ণ লক ডাউন পাৰ্যমানে পৰিহাৰ কৰি আংশিক লকডাউন দিয়াৰ কথা ব্যক্ত কৰি অহা ১৫-২০দিনৰ ভিতৰত ৰাজ্যখনত স্বাভাৱিক পৰিবেশ ঘূৰি আহিব বুলি আশা ব্যক্ত কৰে।

অসমৰ মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ গৰাকীয়ে মঙলবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সন্মিলন কক্ষত অসম শক্তি বিতৰণ কোম্পানীৰ তেজপুৰ বৈদ্যুতিক চক্ৰৰ অন্তৰ্গত ১০টা উপ সংমণ্ডলৰ ৰাজহ সংগ্ৰহ অভিযানৰ বিতং পৰ্যালোচনা কৰে।

লগতে পঢ়কঃতিনিমাহৰ পাছত আৰম্ভ মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

আনহাতে ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবেই অসম শক্তি বিতৰণ কোম্পানীৰ ৰাজহ সংগ্ৰহৰ বিশেষ অভিযানত বিদ্যুত গ্ৰাহক সকলৰ এশ শতাংশই সহযোগিতাৰ বাবেই যোৱা মাহত অসম শক্তি বিতৰণ কোম্পানীয়ে সৰ্বকালৰ সৰ্বাধিক ৭৪২কোটি বিদ্যুতৰ বকেয়া ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় বুলি ব্যক্ত কৰে।

মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ গৰাকীয়ে এই ধাৰা অব্যাহত থাকিলে অসম শক্তি বিতৰণ কোম্পানীয়ে ৰাইজক ভাল সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি কয়।

আনহাতে অসম লোক নিৰ্মাণ বিভাগ আৰু এন এছ আই ডি চি এলৰ মাজত যোগসূত্ৰৰ অভাৱৰ কাৰণে কেইবালাখ টকা বিদ্যুতৰ বিল অনাদায় হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসম শক্তি বিতৰণ কোম্পানীয়ে বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ পৰিণতিত সন্ধিয়া অন্ধকাৰত ডুব গৈ থকা কলিয়াভোমোৰা সেঁতুৰ লাইট জ্বলোৱাৰ বাবে চৰকাৰ আৰু অসম শক্তি বিতৰণ কোম্পানীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply