ৰূপহীহাট : লাওঁখোৱা অভয়াৰণ্যত গঁড়ৰ বিচৰণ। এশিঙীয়া গঁড়ৰ উপযুক্ত প্ৰাকৃতিক বিচৰণস্থলী লাওঁখোৱা অভয়াৰণ্যলৈ গঁড়ৰ পুনৰ আগমন।

এসময়ত ডাঠ হাবি-জংঘলেৰ ভৰপুৰ লাওঁখোৱা অভয়াৰণ্যত এশিঙীয়া গঁড়ে গিজগিজাই আছিল। কিন্তু জুয়ে পোৰা ১৯৮৩ চনৰ অগ্নিগৰ্ভা পৰিস্থিতিত তদানীন্তন নগাঁৱৰ উপায়ুক্তই বন কৰ্মীৰ পৰা বন্দুক-বাৰুদ উঠাই নিয়াৰ সূযোগ লৈ আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীয়ে পাইকাৰী হাৰত গঁড় নিধন কৰিছিল।

ফলত লাওঁখোৱা অভয়াৰণ্যখন গঁড় শূণ্য হৈ পৰিছিল। পৰবৰ্তী পৰিস্থিতিত ওৰাং আৰু কাজিৰঙাৰ পৰা পুনৰ গঁড়ৰ আগমন ঘটিছিল যদিও প্ৰতিকূল পৰিস্থিতিৰ বাবে আতৰি গৈছিল। ২০১৬ ৰ ৩১ মাৰ্চত কাজিৰঙাৰ পৰা দুটা গঁড় আনি বুঢ়াচাপৰিৰ কাছধৰা বিলৰ পাৰত সংস্থাপন কৰিলেও বন্যপ্ৰাণী বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে দুয়োটা গঁড়ৰ মৃত্যু হয়।

আনহাতে ২০১৮ চনত ওৰাংৰ পৰা পুনৰ এটা গঁড়ৰ লাওঁখোৱালৈ আগমন ঘটিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত বন বিভাগৰ ৰহস্যজনক ভূমিকাৰ বাবে সেই গডঁটোও সন্ধানহীন হৈ পৰে। বিশ্বৰ ভিতৰতে গঁড়ৰ উপযুক্ত প্ৰাকৃতিক বিচৰণ ভূমি লাওঁখোৱা অভয়াৰণ্যখন যাৰ বাবে গঁড় শূন্য হৈ পৰিছিল।

লাওঁখোৱা অভয়াৰণ্যৰ বিল-জলাশয়ত গঁড়ৰৰ উৎকৃষ্ট খাদ্য ‘লুকাছা’ প্ৰচুৰ পৰিমানে উপলদ্ধ হোৱাৰ বাবে অভয়াৰণ্যখনত পুনৰ গঁড়ৰৰ আগমন ঘটা বুলি অনুমান কৰা হৈছে। যাৰ বাবে বন্যপ্ৰাণী বিভাগে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বিশ্বৰ বহু গুৰুত্বপূৰ্ণ চৰাই ক্ষেত্ৰৰ ভিতৰত অন্যতম লাওঁখোৱা অভয়াৰণ্য৷

স্থানীয় বহু বিৰল প্ৰজাতিৰ চৰাইৰ লগতে পৰিভ্ৰমী বহু চৰাই বিচৰণ ভূমি হ’ল লাওঁখোৱা অভয়াৰণ্য৷ শীত কালত বহু বিদেশী পৰিভ্ৰমী চৰাই আহি উপচি পৰে লাওঁখোৱাৰ অভয়াৰণ্যৰ জলাশয়বোৰ৷ সাধাৰণতে অক্টোবৰ মাহৰ মাজ ভাগতেই লাওঁখোৱা অভয়াৰণ্যলৈ পৰিভ্ৰমী চৰাইৰ আগমন হয়৷

লগতে পঢ়ক :  ডবকাত তিনি প্ৰজন্মৰ শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শন

চীন দেশৰ কিংহাই প্ৰদেশ , চাইবেৰীয়া, লাডাখ, পামিৰ, তিব্বত আদি অঞ্চলৰ পৰা ধৃতৰাজ, চাকৈচকোৱা, পেলিকান, বালিমাহী, বেজী নেজিয়া আদি বিভিন্ন চৰাই লাওঁখোৱা অভয়াৰণ্যলৈ আগমন ঘটে৷ ইফালে অভয়াৰণ্যখনত গঁড়ৰ পুনৰ বিচৰণে বন্যপ্ৰাণী প্ৰেমী সকলক উৎফুল্লিত কৰি তুলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply