তিনিদিনীয়াকৈ কালিৰে পৰা আৰম্ভ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা পূৰ্ণগতিত চলিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ডিফলু নদীক দুটা ভাগত বিভক্ত কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৮৪ টা খণ্ডত এইবাৰ গঁড়ৰ গণনাৰ কাম চলিছে ।

প্ৰথম দিনটোত ডিফলু নদীৰ দক্ষিণ পাৰৰ ৪৮ টা খণ্ডত গঁড় গণনা সম্পন্ন হয় । দেওবাৰে ডিফলু নদীৰ উত্তৰ পাৰৰ ২৮ টা খণ্ড আৰু বিশ্বনাথ সংমণ্ডলৰ ৮ টা খণ্ডক সামৰি মুঠ ৩৬ টা খণ্ডত গঁড় গণনাৰ কাম হয় । গঁড় গণনাৰ বাবে বনবিভাগে চৰকাৰী আৰু বেচৰকাৰী ৪৫ টা হাতী ব্যৱহাৰ কৰিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সোমবাৰে গঁড়ৰ লিংগ আৰু বয়স নিৰ্ধাৰণৰ পাছত ৩০ মাৰ্চত গঁড় গণনাৰ ফলাফল প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, ১৯৬৬ চনত পোন প্ৰথমবাৰৰ বাবে হোৱা গঁড় গণনাত উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ৩৬৬ টা ।
২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙাত ২,৪১৩ টা গঁড় পোৱা গৈছিল ৷ বৰ্তমানে চলি থকা গঁড় গণনাত পূৰ্বতকৈ কাজিৰঙাত গঁড়ৰ সংখ্যা বৃদ্ধিৰ আশা কৰিছে উদ্যানখনৰ কতৃপক্ষই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply