গোলাঘাট : বৃহস্পতিবাৰৰ পৰা গোলাঘাটত গঁড়ৰ খড়্গ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ। গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত গঁড়ৰ খড়্গ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ।
১৯ জনীয়া কাৰিকৰী সমিতিয়ে গঁড়ৰ খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লৈছে। এই প্ৰক্ৰিয়াত মুঠ ১,১৯৫ টা গঁড়ৰ খড়্গ পৰীক্ষা কৰা হ’ব। ইয়াৰে ১,১৯২ টা গোলাঘাট জিলা কোষাগাৰৰ পৰা আৰু তিনিটা যোৰহাটৰ পৰা অনা হৈছে। দৈনিক ৩০০ গঁড়ৰ খড়্গ পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে।
লগতে পঢ়ক : অসম চৰকাৰৰ ২২৭২ টা স্নাতকোত্তৰ শিক্ষকৰ পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান
সেই অনুসৰি এই প্ৰক্ৰিয়া চাৰিদিন ধৰি চলিব। বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব থকা সমিতিখনত শীৰ্ষ বন বিষয়া, প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ, সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে।