গুৱাহাটী: বন বিভাগে কাজিৰঙাত গঁড়ৰ খড়্গ সৰবৰাহকাৰী এটা চক্ৰক উৎখাত কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
ধৃত লোক কেইজনক কাৰ্বি আংলং জিলাৰ ৰংবং গাঁৱৰ মোহন টেৰন, গোলাঘাট জিলাৰ কুঠুৰি গাঁৱৰ বাহাৰুল ইছলাম আৰু বিশ্বনাথ জিলাৰ বাঘমাৰীৰ ইমাম আলী বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত বন বিভাগে গঁড়ৰ খড়্গ সৰবৰাহৰ অভিযোগত নগাঁও জিলাৰ কলিয়াবৰৰ বান্দৰডুবি অঞ্চলৰ পৰা ইমাম আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।
বন বিভাগৰ জেৰাত আলীয়ে বাহাৰুল ইছলামক খড়্গটো বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে প্ৰথমে কুঠুৰিৰ পৰা বাহাৰুল ইছলাম আৰু পিছত কাৰ্বি আংলঙৰ পৰা মোহন টেৰনক গ্ৰেপ্তাৰ কৰে।
‘’এক গোপন সূত্ৰৰ পম খেদি ১৫ আগষ্টৰ নিশা আমি এক অভিযান চলাই ইমাম আলী নামৰ লোকজনক নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰো। জেৰাত তেওঁ বাহাৰুল ইছলামক এটা খড়্গ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আমি বাহাৰুল ইছলাম আৰু ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত মোহন টেৰনক গ্ৰেপ্তাৰ কৰো। বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে,’’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে কয়।
লগতে পঢ়ক – বিদ্যালয়ৰ বাবে দান-বৰঙণি বিচাৰি শিক্ষা মন্ত্ৰীৰ পত্ৰ