গুৱাহাটী : জ্বলাই দিয়া হ’ব গঁড়ৰ খড়্গ। অহা ২২ ছেপ্টেম্বৰত জ্বলাই দিয়া হ’ব ২,৪৭৯ টা গঁড়ৰ খড়্গ। গঁড়ৰ খড়্গ জ্বলাই দিয়াৰ বাবে গোলাঘাট জিলাৰ বোকাখাত ষ্টেডিয়ামত ব্যাপক প্ৰস্তুতি। ২২ ছেপ্টেম্বৰৰ গঁড়ৰ খড়্গ দহন কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
কাজিৰঙা, নগাঁও, তেজপুৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মজুত হৈ থকা গঁড়ৰ খড়্গ ইতিমধ্যে উচ্চ স্তৰীয় অভিজ্ঞ দলে পুনৰীক্ষণৰ কাম সম্পন্ন কৰিছে। ইফালে ৰাজ্য চৰকাৰে বিভিন্ন ঠাইত মজুত থকা গঁড়ৰ খড়্গ বিনষ্ট কৰাৰ সিদ্ধান্তও লৈছে। অহা ২২ ছেপ্টেম্বত ৰাজ্যখনত জমা হৈ থকা প্ৰায় সকলো গঁড়ৰ খড়্গ বিনষ্ট কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে।
জানিব পৰা মতে ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খড়্গ ইতিমধ্যে পুনৰীক্ষণ কৰাৰ পিছত তাৰে ২,৪৭৯ টা গঁড়ৰ খড়্গ দাহ কৰিব। অন্যহাতে মুঠ খড়্গৰ পৰা ৯৪ টা গঁড়ৰ খড়্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা গঁড়ৰ খড়্গ ৰখাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য আগন্তুক বিশ্ব গঁড় দিৱসৰ দিনা অৰ্থাৎ ২২ ছেপ্টেম্বৰত বোকাখাত ষ্টেডিয়ামত ২,৪৭৯ টা গঁড়ৰ খড়্গ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ প্ৰস্তুতি চলাই থকা হৈছে।
লগতে পঢ়ক : জামুগুৰিহাটত জংঘলৰ মাজত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল
বিভাগীয় সূত্ৰে জানিব পৰা মতে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদব বোকাখাত ৰাজহুৱা খেলপথাৰত উপস্থিত হৈ গঁড়ৰ খড়্গ দহন কাৰ্যসূচীৰ পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয়। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ অধীনত কহঁৰাত থকা কোষাগাৰত ৰাজ্যখনৰ সমূহ গঁড়ৰ খড়্গ দাহ কৰাৰ পূৰ্বে মজুত কৰি ৰখাৰ বাবে মেৰামতিৰ কাম চলাই থকাৰ কথা জানিব পৰা গৈছে।