ওৰাং ৰাষ্টীয় উদ্যানত বৃদ্ধি পাইছে গড়ৰ সংখ্যা, শেহতীয়া গণনাত ওলাইছে এই ভাল খবৰ। সোমবাৰে ৰাষ্ট্ৰীয় উদ্যান খনত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ কৰা হয়।এই গণনাৰ অন্তত ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনত ২৪ টালৈ গড়ৰ সংখ্যা বৃদ্ধি পাইছে।
এইবাৰ গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ১২৫ টা গড়ৰ উপস্থিতি কথা পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে উদ্যানখনত আছিল ১০১ টা গড়। যোৱা দেওবাৰে আৰু সোমবাৰে উদ্যানখনত গড়ৰ গণনা চলিছিল। সোমবাৰে মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ প্ৰদীপ্ত বৰুৱাই জনালে এই তথ্য।
এইবাৰৰ গণনাত উদ্যানখনত আছে মতা গড় ৪৩ টা, মাইকী গড় ৪৯ টা, পোৱালি গড় ২৩ টা আৰু মতা মাইকী নিৰ্ণয় কৰিব নোৱাৰা গড় আছে ১০ টা গড়ৰ উপস্থিতি পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দৰং আৰু শোনিতপুৰ জিলাৰ সামৰি ৭৮.৮১ বৰ্গ কিঃ মিঃ সামৰি আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ।