নিউজ ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল অসমৰ দুধৰ্ষ গঁড় চিকাৰী। ধৃত গঁড় চিকাৰীটোৰ নাম আচমত আলী ওৰফে নালকো। কেৰালাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আচমতক। আচমত আলীৰ ঘৰ চতিয়াৰ মিলনপুৰৰ ১নং আদাভেটীত। কাজিৰঙাৰ শেহতীয়াকৈ গঁড় হত্যাৰ গোচৰৰ অভিযুক্ত আছিল ধৃত গঁড় চিকাৰীটো।
কিছুদিন পূৰ্বে গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। এই কথা টুইটযোগে ঘোষণা কৰিছিল জি পি সিঙে। টুইটত জিপি সিঙে উল্লেখ কৰিছে যে গঁড়ৰ চোৰাং চিকাৰত জড়িত এই পলাতক অপৰাধীকেইজনক কৰায়ত্ত কৰিবলৈ বিচাৰি থকা হৈছে। সঠিক খবৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব নগদ দুই লাভ টকাৰ পুৰস্কাৰ।
অৱশেষত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কেৰালা আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গঁড় চিকাৰীটোক। গঁড় চিকাৰীটোক কৰায়ত্ত কৰাৰ সন্দৰ্ভত জি পি সিঙে টুইট কৰি কেৰেলা আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে পঢ়কঃপানী খোৱাৰ চলেৰে ঘৰত সোমাই যুৱতীক দুৰ্বৃত্তৰ আক্ৰমণ