গুৱাহাটীঃ বন বিভাগৰ বিশেষ তৎপৰতাৰ বাবেই ৰক্ষা পৰিল অসম সম্পদ কাজিৰঙাৰ এশিঙীয়া গঁড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা এটা চাৰিজনীয়া চোৰাং চিকাৰীৰ দলক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই।

উল্লেখ্য যে, এই দলটোত গঁড় হত্যা কৰিবলৈ শ্বুটাৰ হিচাপে নিয়োজিত কৰা হৈছিল এন ডি এফ বিৰ যুদ্ধ বিৰতিত থকা কেডাৰ। জানিব পৰা মতে, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ বনাঞ্চলিক বিষয়া যতিন্দ্ৰ মোহন দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথৰ নেতৃত্বত বিশ্বনাথ জিলাৰ বিহালীত চলা অভিযানত প্ৰথমে গঁড় হত্যা কৰিবলৈ ব্লু প্ৰিন্ট ৰচনা কৰা দলটোৰ মাষ্টাৰ মাইণ্ড অজিত দাসক বিহালীৰ পৰা গ্ৰেপ্তাৰ কৰে। পিছত অজিত দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ আন তিনিজনক ক্ৰমে বিহালীৰ পদুম হাজৰিকা ওৰফে থাণ্ডু, ধনীদেৱ শ‌ইকীয়া আৰু  বিশ্বনাথৰ জপৌবাৰীৰ দিপাঙ্কৰ বড়োক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বন বিভাগে দিয়া তথ্য অনুসৰি চোৰাং চিকাৰীৰ দলটোয়ে দেওবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি গঁড় হত্যা কৰাৰ বাবে ৰচিছিল ব্লু প্ৰিন্ট। কিন্তু বন বিভাগৰ তৎপৰতাত পুণৰ প্ৰাণ ৰক্ষা পৰে অসম সম্পদ এশিঙিয়া গঁড়।ইফালে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কেইজনৰ ভিতৰত দিপাঙ্কৰ বড়ো যুদ্ধ বিৰতিৰ এন ডি এফ বি ৰ কেডাৰ।

উল্লেখ্য যে, বন বিভাগে যুদ্ধ বিৰতিত থকা এন ডি এফ বিৰ কেডাৰজনৰ ঘৰত অভিযান চলাই যদিও কোনো অস্ত্ৰ -শস্ত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল যদিও প্ৰাক্তন কেডাৰ জনৰ হাতত অস্ত্ৰ-শস্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। যি কি নহওক কিয়, চোৰাং চিকাৰীৰ এই দলটোৰ পৰিকল্পনাক বন বিভাগে সফল হ’ব নিদিয়াৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা গঁড় মৃত্যু মুখৰ পৰা বাছিবলৈ সক্ষম হ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply