জখলাবন্ধাঃ জখলাবন্ধা আৰক্ষীৰ জালত পৰিল দুই দুধৰ্ষ চোৰাং চিকাৰী।
জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু বাগৰি আৰক্ষী চকীৰ বিপ্লৱ কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই আটক কৰে এই দুই চোৰাং চিকাৰীক ।
আটকাধীন চোৰাং চিকাৰী কেইটা ক্ৰমে চামগুৰিৰ আমনিৰ মুস্তাফা আহমেদ আৰু ৰুফুল আমিন।
কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল দুই চোৰাং চিকাৰীয়ে ।
দীৰ্ঘদিন ধৰি গঁড় হত্যাৰ লগত জড়িত আছিল দুই চিকাৰী।
সম্প্ৰতি জখলাবন্ধা আৰক্ষীয়ে আৰু অধিক তথ্যৰ সম্ভেদত জেৰা চলাই আছে চিকাৰী দুটাক।
২০১৬ চনত গঁড় হত্যাৰ লগত জড়িত হোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই দুই চোৰাং চিকাৰীক ।