গোগামুখ: ঢকুৱাখনাৰ বিভিন্ন ঠাইত মুক্ত বাবে বিচৰণ কৰি থকা গড়টোক বন বিভাগে টেংকুলাইজ কৰিবলৈ সক্ষম হয় ।
যোৱা কিছুদিন ধৰি স্থানীয় ৰাইজক আতংকৰ সৃষ্টি কৰা গঁড়টোক বন বিভাগৰ বিশেষজ্ঞ দলে যোৱা সময়চোৱাত বহুবাৰ চেষ্টা কৰাৰ পিছত আজি টেংকুলাইজ কৰিবলৈ সক্ষম হয় ।
কাজিৰঙা আৰু লখিমপুৰ বন বিভাগে গোগামুখ আৰু ঢকুৱাখনা সীমাৰ সোৱণশিৰি বৰকলি গাৱত গড়টোক টেংকুলাইছ কৰাত সফল হয় । ইয়াৰ পিছত বন বিভাগে বিশেষ সুৰক্ষাৰ মাজেৰে গড়টোক চিৰিয়াখানালৈ নিবলৈ সক্ষম হয়।
লগতে পঢ়ক-লামডিং বনাঞ্চল উচ্ছেদৰ বাবে সাজু হোজাই জিলা প্ৰশাসন