দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ঝালোৰচৰত কৃষি বিভাগৰ উদ্যোগত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। এই ধান ক্ৰয় কেন্দ্ৰৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলাৰ উপায়ুক্ত পল্লবী সৰকাৰ উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিধায়ক আমিনুল ইছলাম আৰু জিলা কৃষি বিষয়া ড০ মোজামমেল হক, অতিৰিক্ত জিলা উপায়ুক্ত মনিন্দ্ৰ বৰদলৈ, জ্যেষ্ঠ কৃষি বিষয়া মইনুল হক ।

এতিয়াৰ পৰা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ধান খেতি কৰা কৃষক সকলে মানকাচৰৰ ঝালৰচৰ এম এছ খান এণ্ড ব্ৰেদৰচ ইণ্ডাষ্ট্ৰি নামৰ ধন ক্ৰয় কেন্দ্ৰ খনৰ জৰিয়তে ধান বিক্ৰী কৰি লাভাম্বিত হব পাৰিব।

কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। চৰকাৰে ক্ৰয় কৰিবলগীয়া ধান পৰিস্কাৰ আৰু শুকান হব লাগিব । চৰকাৰে ক্ৰয় কৰিবলৈ লোৱা ধানৰ নূন্যতম মূল্য ১৯৪০ টকা প্ৰতি কুইন্টল দিয়া হব বুলি ধান ক্ৰয় কেন্দ্ৰ মুকলি অনুষ্ঠানৰ পাছত জিলা কৃষি বিষয়া জনে মত প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply