নিউজ ডেস্কঃ আৰক্ষী বিষয়া আনন্দ মিশ্ৰ দুৰ্ঘটনাত পতিত। অসম আৰক্ষীৰ RUN OF PRIDEৰ নেতৃত্ব বহন কৰি আৰক্ষী বিষয়াগৰাকীৰ আজি জখলাবন্ধাত দুৰ্ঘটনাত পতিত হৈছে।
অসম আৰক্ষীয়ে ‘ৰাষ্ট্ৰপতিৰ নিছান’ লাভ কৰাৰ পাছতে এই RIDE OF PRIDE বাইক ৰেলী আৰম্ভ কৰে অসম আৰক্ষীয়ে। যাৰ নেতৃত্ব বহন কৰিছে আনন্দ মিশ্ৰই।
এই RIDE OF PRIDE ৰেলীত কাজিৰঙাৰ পৰা কলিয়াবৰৰ দিশে আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনা। জানিব পৰা মতে, জখলাবন্ধাৰ বাঘজানত এটা গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আৰক্ষী বিষয়াগৰাকী।
উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ততাতৈয়াকৈ তেওঁক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত আৰক্ষী বিষয়াগৰাকী সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে।