তেজপুৰঃ আৰক্ষী বিষয়া আনন্দ মিশ্ৰ ডাঙৰীয়াৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অফ প্ৰাইড মটৰ
চাইকেল দলক মঙলবাৰে নিশা তেজপুৰত আদৰণি জনোৱা হয়৷ ৰাষ্ট্ৰপতিৰ পৰা অসম আৰক্ষীয়ে President Colour সন্মান পোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ২৭খন জিলাৰ ২০৫৫কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে ৩০এপ্ৰিলৰ দিনা ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ মটৰচাইকেল ৰেলীক শোণিতপুৰ
জিলাত নিশা উষ্ম আদৰণি জনোৱা হয়৷

লগতে পঢ়কঃটীয়কত পথাৰলৈ যাওঁতে বিদ্যুৎপৃষ্ঠ হৈ যুৱকৰ কৰুণ মৃত্যু

অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়া সকলক শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শোণিতপুৰ আৰক্ষীৰ হৈ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ফুলাম গামোছাৰে উষ্ম আদৰণি জনায়৷ দেশৰ ১০ সংখ্যক ৰাজ্য হিচাবে অসম আৰক্ষীয়ে প্ৰেচিডেণ্ট কালাৰ লাভ কৰাত নথৈ আনন্দিত বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে নিশা তেজপুৰতে অতিবাহিত কৰি দলটোৱে আজি পুৱা শদিয়া অভিমুখে যাত্ৰা কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply