ধেমাজিঃ অসম আৰক্ষীৰ ‘Ride of Pride’ বাইক ৰেলি কৰি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দল আহি উপস্থিত হ’ল ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। যোৱা ৩০ এপ্ৰিল তাৰিখে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ধুবুৰীৰ পৰা শুভাৰম্ভণি কৰা ‘Ride of Pride’ বাইক ৰেলিৰ কৰি বুধবাৰে সন্ধিয়া IPS আনন্দ মিশ্ৰাৰ নেতৃত্বত অহা অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দলটো ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়।
লগতে পঢ়কঃটীয়কৰ ভগামুখত পিষ্টল সহ আটক এজন
অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দল ধেমাজি আহি পোৱা পিছতে ধেমাজিৰ বিভিন্ন দল সংগঠনৰ লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা আদৰণি সভাত ধেমাজি আৰক্ষী অধীক্ষ ৰঞ্জন ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষ গুণেন্দ্ৰ ডেকা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ কুমাৰ শইকীয়া, আটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাও মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি সমিতিৰ বিষয়ববীয়া সকল, আৰক্ষীৰ বিষয়া সকলৰ লগতে ধেমাজিৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
৩০ এপ্ৰিলৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলি মুঠ ৮ টা দিনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অৰ্থা ৰাজ্যখনৰ মুঠ ২৫ খন জিলা সামৰি ২০৫৫ কিলোমিটাৰ পথ অতিক্ৰম কৰা হ’ব বুলি জানিবলৈ দিয়ে।