গুৱাহাটী : কামৰূপ জিলা পৰিবহন বিভাগৰ নতুন নিৰ্দেশনা। এতিয়াৰে পৰা মহানগৰী গুৱাহাটীত বাইক চালকজনৰ লগতে আৰোহীজনেও পৰিধান কৰিব লাগিব হেলমেট। বাইক চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰিলে ১ হাজাৰ টকা জৰিমনা।
পথ দুৰ্ঘটনাত যাতে অধিক লোক মৃত্যুৰ মুখত নপৰে ইয়াৰ বাবে কঠোৰ হৈছে কামৰূপ জিলা পৰিবহন বিভাগ। বিশেষকৈ বাইক চালক সকলৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে কামৰূপ জিলা পৰিবহন বিভাগ। বাইক চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা পৰিবহন বিভাগে।
এই নতুন নিৰ্দশনা অনুসৰি এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত বাইক চালকজনৰ লগতে আৰোহীজনেও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। কোনোবাই যদি এই নিৰ্দেশনা অমান্য কৰি হেলমেট পৰিধান নকৰে তেন্তে ১ হাজাৰ টকা জৰিমনা দিব লাগিব।
আনহাতে বাইক চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰিলে জৰিমনাৰ লগতে পৰিবহন বিভাগে চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। ৩০ নৱেম্বৰলৈ এই সম্পৰ্কে পৰিবহন বিভাগে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সজাগতা অভিযান চলাব।
লগতে পঢ়ক : কনিষ্ঠ অভিযন্তা আৰু কৰ্মচাৰীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ
সজাগতা অভিযানত ৩০ নৱেম্বৰত সমাপ্ত হোৱাৰ পিছতে ১ ডিচেম্বৰৰ পৰা বাইক চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰিব লাগিব। বাইকত মহিলা আৰোহী থাকিলেও হেলমেট পৰিধান কৰিব লাগিব অন্যথা ১ হাজাৰ টকা জৰিমনা দিব লাগিব।