বোকাখাতঃ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা সমূহ যাতে তৃণমূল পৰ্যায়ৰলৈকে সকলো লোককে সাঙুৰি লয় তাৰ বাবে বিষয়া সকলক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে।
আইন আৰু ন্যায় মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত কেন্দ্ৰীয় আঁচনি ৰূপায়ণৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি এই কথাও আঙুলিয়াই দিয়ে যে বিষয়াসকলে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি এনে কাৰ্যসূচীৰ অধীনত প্ৰদান কৰা সাহাৰ্য্যৰ সন্দৰ্ভত তেওঁলোকক সজাগ কৰি দিয়ে।
ৰিজিজুৱে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ বৰ্তমানৰ অৱস্থাৰ বুজ লয় আৰু ইয়াৰ ৰূপায়ণৰ বাবে হাতত লোৱা কামক লৈ সন্তুষ্টি প্ৰকাশ কৰে ।
গোলাঘাট জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীনে উক্ত সভাত জল জীৱন মিছন, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা ,আয়ুস্মান ভাৰত আদি কাৰ্যসূচীৰ অৱস্থা সম্পৰ্কে এক উপস্থাপন আগবঢ়ায়।
উক্ত সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও অংশগ্ৰহণ কৰে।