গুৱাহাটী : কংগ্ৰেছক বিশ্বাসঘাটক আখ্যা দি অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত ৰাইজৰ দলৰ। কংগ্রেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি মৰিয়নিত সঞ্জীব গগৈক প্ৰাৰ্থী ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

বিধায়ক অখিল গগৈৰ মতে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিলে। কংগ্ৰেছৰ সিদ্ধান্তলৈ বহু দিন অপেক্ষাৰ অন্তত অকলে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ৰাইজৰ দলৰ। দুটা সমষ্টিত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে। থাওৰাত ধৈৰ্য কোঁৱৰ আৰু মৰিয়নীত সঞ্জীৱ গগৈ। অখিল গগৈৰ মতে “কংগ্ৰেছ দলে সদায় নিজে BIG Brother হৈ থাকিব বিচাৰে। অন্য কাৰো কথা শুনাৰ ধৈৰ্য্য নাই কংগ্ৰেছ নেতৃত্বৰ।”

শুকুৰবাৰে সংবাদমেল যোগে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী ৰূপে সঞ্জীৱ গগৈৰ নাম ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ এতিয়া যেন এক সপোন! অৱশেষত মৰিয়নি সমষ্টিৰ বাবে ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। সঞ্জীৱ গগৈয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থীক জনাব প্ৰত্যাহ্বান। শুকুৰবাৰে এই ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় যে, ‘বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থী নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাইজৰ দলে বহু অপেক্ষা কৰিলে। কংগ্ৰেছে এতিয়াও জমিদাৰী চলাই থকাই দৰে দৃষ্টিভংগী গ্ৰহণ কৰি আছে। ২০২১ ৰ নিৰ্বাচনতো বিৰোধীৰ ঐক্যৰে একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা হৈছিল। ২১ৰ নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাঘাতকতা কৰিলে। এইবাৰো আমি বহু অপেক্ষা কৰিলো। বহু কথা বতৰা হোৱাৰ পিছতো তেওঁলোকে কথাবোৰ পিছুৱাই আছে।’

লগতে পঢ়ক :  চিপিআই (এম)-চিপিআই (এমএল)ক সাক্ষাৎ জাতীয় পৰিষদৰ

ইফালে আজিৰ দিনটোতে কংগ্ৰেছ দলেও নিৰ্ধাৰণ কৰিব আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত দলটোৰ স্থিতি। আজি AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে দলটোৰ শীৰ্ষ নেতৃত্বই চূড়ান্ত কৰিব উপ নিৰ্বাচনত কংগ্ৰেছক প্ৰাৰ্থী তালিকা। কিন্তু তাৰ পূৰ্বে অসম জাতীয় পৰিষদে কংগ্ৰেছৰ নেতৃত্বক সাক্ষাত কৰাৰ প্ৰসংগই এতিয়া নতুন মাত্ৰা প্ৰদান কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply