গুৱাহাটী : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ধন বিতৰণৰ ক্ষেত্ৰত অসমত সংঘটিত হোৱা চৰম দুৰ্নীতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবী প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ। ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন কৃষকৰ নামত ৬০০০ টকাকৈ আবন্টন হৈছিল। ২০২১ চনৰ ৫ জুলাইত গুৱাহাটীত অনুষ্ঠিত পুনৰীক্ষণ বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত অসমৰ কৃষি মন্ত্ৰী গৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৬০ লাখ কৃষকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হৈছিল। সেইমতে হিতাধিকাৰী কৃষকৰ নামত ধন বিতৰণ হৈছিল।

তাৰ পিছতে ২০২০ত সকলো তথ্য ফাদিল হৈছিল য’ত বেছিভাগ হিতাধিকাৰীয়েই ভুৱা তথ্য দাখিল কৰি সেই তালিকাত অন্তৰ্ভুক্ত হৈছিল আৰু লগে লগেই অসমৰ চাৰিওফালে হুৱা-দুৱা লাগিছিল। বৈঠকত কৃষি মন্ত্ৰী গৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি ৩৬ লাখ কৃষক হিতাধিকাৰীৰ ভিতৰত ১৯.৪৭ লাখ হিতাধিকাৰী সঁচা অৰ্থত কৃষক আছিল আৰু ১৭.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আছিল। ইয়াৰে ভিতৰত ৫ লাখ হিতাধিকাৰীক চৰকাৰে চিনাক্ত কৰিব পৰা নাই অৰ্থাৎ এই ৫ লাখ হিতাধিকাৰীৰ কোনো তথ্য নাই চৰকাৰৰ হাতত।

এয়া এক বৃহৎ কেলেংকাৰী বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। দুখীয়া কৃষকৰ নামত আবন্টন হোৱা ধন কেনেকৈ আযোগ্য ব্যক্তি সকলৰ মাজত বিতৰণ কৰা হৈছে? অসম চৰকাৰে কাৰ স্বাৰ্থত ৩৬ লাখ হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰিছিল, য’ত ১১.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আৰু ৫ লাখ হিতাধিকাৰীৰ কোনো তথ্য নাই। যেতিয়া ইয়াৰ সত্যতা ৰাইজৰ মাজলৈ আহিছিল চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে ১১.৭২ লাখ ভুৱা হিতাধিকাৰীৰ পৰা ধন ঘূৰাই আনিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সদনত জনোৱা মতে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিৰ অধীনত কৃষকৰ নামত ধন লাভ কৰা অসমৰ ৮.৩৫ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪.০১ কোটি টকা ঘূৰাই আনিব লাগে।

লগতে পঢ়ক : বিডিঅ’ সকলৰ প্রশিক্ষণ উদ্বোধন পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী কিষান সম্মান নিধি আঁচনিৰ তালিকাত ১১.৭২ লাখ ভুৱা কৃষকৰ নাম আৰু ৫ লাখ তথ্যবিহীন ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা ঘটনাৰ ওপৰত চিবিআই তদন্ত বিচৰাৰ লগতে এই দুৰ্নীতিত জড়িত ব্যক্তি সকলক উচিত শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। লগতে ভুৱা কৃষকৰ নামত বিতৰণ হোৱা উক্ত আঁচনিৰ ধন ঘূৰাই আনি প্ৰকৃত কৃষকৰ মাজত বিতৰণ কৰিব লাগে বুলিও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় প্ৰদেশ কংগ্রেছৰ সভাপতি শ্ৰী ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply