গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কংগ্ৰেছ দলক ‘পলিটিকেল টুৰিষ্ট’ বুলি কোৱা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰিপুন বৰাই কয় যে ভাৰতীয় জনতা পাৰ্টীৰ এজন ৰাষ্ট্ৰীয় সভাপতিৰ এনে উপলুঙা বক্তব্য কংগ্ৰেছ দলে আশা কৰা নাছিল। এনে মন্তব্যই তেখেতৰ দলৰ দুখলগা অবস্থাক প্ৰকাশ কৰিছে। ৰিপুন বৰাই কয় যে জে পি নাড্ডাই জানিব লাগে যে কংগ্ৰেছ দল ১৮৮৫ চনত স্থাপিত হৈছিল আৰু তেখেতে নেতৃত্ব লোৱা ভাৰতীয় জনতা পাৰ্টীৰ জন্ম হৈছিল ১৯৮০ চনত। লগতে জে পি নাড্ডাই ইয়াকো জনা ভাল যে ভাৰতৰ জনতাই সুদীৰ্ঘ দিন দেশৰ শাসনভাৰ এই কংগ্ৰেছ দলৰ হাততেই অৰ্পন কৰিছিল।

১৩৬ বছৰ হোৱা আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ পৰা আজিলৈ দীর্ঘকাল শাসনত থাকি দেশৰ গঠনত কাম কৰি অহা দলটো আজি কি ‘টুৰিষ্ট পলিটিকেল পাৰ্টি’? ৰিপুন বৰাই লগতে কয় যে জে পি নাড্ডাই ইতিহাস জনাটো প্ৰয়োজন আছে। যদি অসমৰ নিৰ্বাচনত পৰাজয় বৰণ কৰা বাবে কংগ্ৰেছ ‘পলিটিকেল টুৰিষ্ট’ হয়, তেনেহলে পশ্চিম বংগ, তামিলনাডু, কেৰেলা আদিত বিজেপি পৰাজিত হোৱা বাবে সেই ৰাজ্যবোৰত বিজেপি কি ‘পলিটিকেল টুৰিষ্ট’ হ’ব? নিৰ্বাচনৰ সময়ত সঘনাই অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দৰে কেইজন বিজেপিৰ কেন্দ্ৰীয় নেতাই অসমৰ বানপানী, গৰাখহনীয়াৰ খবৰ ল’বলৈ আহে। যোৱা ২০১৭-১৮ বর্ষ দুটাত যি প্রলয়ংকাৰী বানপানী হৈ গল, সেই সময়ত খবৰ ল’বলৈ জে পি নাড্ডা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল নে? ইয়াৰ বাবে জে পি নাড্ডাই কোৱা দৰে পৰিভ্ৰমী হ’ব নেকি বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই।

লগতে পঢ়ক : হাটশিঙিমাৰী জিলা প্ৰশাসনক অত্যঅতিয়ে প্ৰদান কৰিলে ৩৫ টা অক্সিজেন কনছেনট্ৰেটৰ

ৰিপুন বৰাই আৰু কয় যে ক’ভিড পৰিস্থিতিত কংগ্ৰেছ দলে কি কৰি আছে, তাৰ উত্তৰ জে পি নাড্ডাক দিবলৈ কংগ্ৰেছ দল দায়বদ্ধ নহয়, কংগ্ৰেছ দলে কি কৰি আছে সেয়া জনসাধাৰণে জানে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনতাই ক’ভিড পৰিস্থিতিত যি সমস্যাত পৰিছে, সেয়া সকলোৰে জ্ঞাত। মেডিকেলত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, ভেকচিনৰ অভাৱত জনতাৰ মাজত যি অবস্থা হৈছে, সেই বিষয়ে জে পি নাড্ডাই জানেনে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই। কংগ্ৰেছ দলৰ পৰা সকলোৰে বাবে ভেকচিন হ’ব লাগে বুলি বাৰে বাৰে দাবী উত্থাপন কৰি অহা হৈছে, কিন্তু এনে অবস্থাত চৰকাৰে কি কৰিছে, অসমত ৫০ শতাংশ ক’ভিড ভেকচিন চেণ্টাৰ বন্ধ কৰি দিয়া হৈছে। ভেকচিন ল’বলৈ গৈ মানুহ নিৰাশ হৈ উভতি আহিব লগা হৈছে, ভেকচিন নাই। ভেকচিনৰ বাবে ‘ক’ভিড ভেকচিন চেণ্টাৰ’লৈ যোৱা লোকৰ ওপৰত লাঠী চাৰ্জ হৈছে। ৰিপুন বৰাই পৰামৰ্শ হিচাপে জে পি নাড্ডাক কয় যে, ক’ভিড ভেকচিন সুলভ কৰক আৰু সকলোৰে বাবে সহজলভ্য কৰক। যিমানেই ভেকচিন দিয়া পলম হ’ব সিমানেই জনতাই মহা সংকটজনক অৱস্থাৰ সন্মুখীন হ’ব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply