নিউজ ডেস্কঃ চিৰজীৱন কংগ্ৰেছী হৈ থাকিম বুলি সাংবাদিকৰ আগত কোৱা ৰিপুন বৰাই যোগ দিলে তৃণমূল কংগ্ৰেছত। আজি সন্ধিয়া প্ৰায় ৪.৫৩ বজাত এই কথা স্পষ্টকৈ ঘোষণা কৰিলে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে। সাংসদ অভিষেক বেনাৰ্জীৰ উপস্থিত আজি ৰিপুন বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰে।

উল্লেখ্য যে, শেহতীয়াকৈ ৰিপুন বৰাই আম আদমী পাৰ্টিত যোগদান কৰিব নেকি বুলি এক বিতৰ্ক সৃষ্টি হোৱাৰ পাছত ৰিপুন বৰাই ছচিয়েল মিডিয়াযোগে এই কথা স্পষ্ট কৰি লিখিছিল- ‘ছচিয়েল মিডিয়াত এজন ব্যক্তিয়ে মই আপত যোগদান কৰিম বুলি এক ভিত্তিহীন, পোষ্ট দিয়া মোৰ দৃষ্টি গোচৰ হৈছে। এই কথা সম্পূৰ্ণ অসত্য । মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান সৈনিক আৰু এই দলৰ প্ৰতি মই দায়বদ্ধ |’

কিন্তু এতিয়া এপিচিচিৰ সেই গৰাকী সৈনিক দলটোত নাই। ৰিপুন বৰাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে তৃণমূল কংগ্ৰেছ দলত। আজি কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুন বৰাই। দুই পৃষ্ঠাৰ এই পদত্যাগ পত্ৰযোগে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰে ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply