নিউজ ডেস্কঃ হিন্দু ধৰ্মৰ এক বাৰ্ষিক উৎসৱ অম্বুবাচী। বিভিন্ন আঞ্চলিক ভাষাত অম্বুবাচীক বিভিন্ন নামেৰে জনা যায়। ভাৰতৰ বিভিন্ন ঠাইত অম্বুবাচী উৎসৱক ‘ৰজঃউৎসৱ’ হিচাপেও পালন কৰা হয়। শাস্ত্ৰৰ মতে এই উৎসৱৰ লগত জড়িত হৈ আছে বিভিন্ন ধৰণৰ কাহিনী। হিন্দু শাস্ত্ৰ অথবা বেদত ধৰিত্ৰীক ‘মা’ সম্বোধন কৰা হয়। প্ৰতি বছৰে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পদত ঋতুমতী হয় আই ধৰিত্ৰী। যিদৰে প্ৰাপ্তবয়স্কা ঋতুমতী নাৰী গৰ্ভধাৰণৰ বাবে সক্ষম হৈ উঠে ঠিক সেইদৰে অম্বুবাচীৰ সময়ত আই ধৰিত্ৰীয়ো শস্য-শ্যামলা হৈ উঠে। তিনিদিনীয়াকৈ এই উৎসৱ উদযাপন কৰা হয়।

অম্বুবাচীৰ লগত বিভিন্ন ৰীতি-নীতি জড়িত হৈ আছে। এই সময়খিনিত আই বসুমতী ৰজঃস্বলা হয়। সেয়ে অম্বুবাচীৰ তিনিদিন ব্ৰহ্মচাৰী, সাধু-সন্যাসী, যোগী আৰু বিধৱা মহিলা সকলে জুইত ৰন্ধা একো খাদ্য গ্ৰহণ নকৰে। ফল-মূল গ্ৰহণ কৰিয়েই এই তিনিদিন অতিবাহিত কৰে। তিনিদিন পিছত চাবোন-শ্বেম্পুৰে গা-ধুই, সকলো কাপোৰ কানি ধুই পেলোৱা হয়। যিকোনো শুভ কাম-কাজ, মাংগলিক পৰ্ব এই কেইদিনত কৰাতো নিষিদ্ধ মানা হয়। অম্বুবাচীৰ সময়ত খেতি-পথাৰৰ কাম-কাজ কৰাৰ পৰাও বিৰত থকা হয়।

অম্বুবাচীৰ নীতি-নিয়ম

২২জুন ৮বাজি ১৯ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। শাস্ত্রৰ মতে অম্বুবাচীৰ সময়ত বিশেষ কিছু নিয়ম-নীতি মানি চলা উচিত। এই সময়ত দেবীৰ মূর্তি বা ফটো ৰঙা কাপোৰেৰে ঢাকি ৰখা উচিত। অম্বুবাচীৰ সময়ত গুৰুপূজা কৰাটো উচিত মানা হয়। এই সময়খিনিত তুলসী গুৰিত মাটি দি ওখ কৰি থ’ব লাগে বুলি শাস্ত্ৰত উল্লেখ আছে। বৃক্ষ-ৰোপণ, কৃষি-কামত নিষেধাজ্ঞা আছে। শুভ কামৰ পৰা বিৰত থাকিব লাগে। সৰ্পবিষ নিবাৰনৰ বাবে অম্বুবাচীৰ ভিতৰত এৱাগাখীৰ খাব লাগে বুলি এক বিশ্বাস আছে।দেওবাৰ ১১ আহাৰ অর্থাৎ ইংৰাজী ২৬ জুনত পুৱা ৮ বাজি ৪৩ মিনিটত অম্বুবাচী নিবৃত্তি হ’ব। অম্বুবাচী সমাপ্ত হ’লে দেবীৰ আসন সলাই, গা-ধুৱাই পূজা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply