অপহৃত ৰিতুল শইকীয়া

অৱশেষত অসম আহি পালেহি অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া।
আলফা স্বাধীনে মুকলি কৰা পাছত অসম ৰাইফলছৰ দলে উদ্ধাৰ কৰা ৰিতুল শইকীয়াক আজি পুৱা ৭-১০ বজাত নিজৰ জিম্মাত লয় ।
মন জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত কিছু সোধাপোছা কৰা পাছতে পোনে পোনে সোণাৰিলৈ লৈ আনে আৰক্ষীয়ে।
চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলে সোণাৰিলৈ লৈ আহে ৰিতুলক।

সোণাৰি আৰক্ষী থানাত ৰিতুল শইকীয়াই কনমানি সন্তানহ পত্নী তথা পৰিয়ালৰ লোকসকলক লগ পায় । সোণাৰি আৰক্ষী থানাত ৰিতুল শইকীয়াই সংবাদ মাধ্যমৰ আগত অপহৰণৰ বিবৰণ আৰু যোৱা এমাহ ধৰি আলফা কেম্পত পোৱা অভিজ্ঞতা বৰ্ণনা কৰে।

মন জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ত কিছু সুধাপোছা কৰা পাছতে পোনে পোনে সোণাৰিলৈ লৈ আহে আৰক্ষীয়ে।

চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলে সোণাৰিলৈ লৈ আহে আৰক্ষীয়ে।

সম্প্ৰতি সোণাৰি আৰক্ষী থানাৰ পৰা ৰিতুল শইকীয়াক তিতাবৰৰ বৰহোলাত থকা ঘৰলৈ ৰাওনা হৈছে ।

আনহাতে ৰিতুল শইকীয়াক উদ্ধাৰ কৰা খবৰ লাভ কৰা পাছতে ৰিতুলৰ কনমানি সন্তানহ পত্নী তথা পৰিয়ালৰ লোকসকলো ৰিতুলক লগ পাবলৈ উপস্থিত হৈ সোণাৰি আৰক্ষী থানাত লগ পায় অপহৃত স্বামীৰ সৈতে সোণাৰিৰ পৰা তিতাবৰলৈ ৰাওনা হৈছে ।

আলফা স্বাধীনৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়াক শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱাত প্ৰায় এমাহ এদিনৰ অন্তত মুকলি কৰি দিয়াৰ পাছত অসম ৰাইফলছ আৰু নগালেণ্ড আৰক্ষীয়ে জিম্মাত লৈ নাগালেণ্ডৰ মন জিলালৈ অনা হয় ৷ তাৰ পাচতে মন জিলাত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ৰিতুল শইকীয়াৰ ৷ ইয়াৰ পাচতেই যাৱতীয় সকলো কাৰ্য সম্পাদন কৰি পৰৱৰ্তী সময়ত অসম আৰক্ষীক গতাই দিয়ে ৰিতুল শইকীয়াক । এই ক্ষেত্ৰত বৰ্তমানলৈ কোনো মন্তব্য কৰা পৰা বিৰত আছে আৰক্ষী তথা সুৰক্ষা বাহিনী ।

লগতে পঢ়ক আলফাৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়া অবশেষত মুকলি হ’ল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply